/asomiyapratidin/media/media_files/2025/09/24/ujjjdd-2025-09-24-20-20-29.jpg)
ডিজিটেল ডেস্কঃ জীৱিত অৱস্থাত জুবিন গাৰ্গৰ সৃষ্টিৰাজিক লৈ বেপাৰ কৰা একাংশ অনাঅসমীয়াৰ কৰ্মকাণ্ড লাহে লাহে পোহৰলৈ আহিছে। জুবিন গাৰ্গৰ সকলো সংগীতৰ কপিৰাইট আছে জুবিনৰ পূৰ্বৰ মেনেজাৰ টাৰ্চেম মিট্টাল আৰু বৰ্তমানৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ হাতত।
জুবিন গাৰ্গ মিউজিকৰ কপিৰাইট আছে তিনিগৰাকী লোকৰ হাতত। তাৰে এগৰাকী হৈছে জুবিন নিজে আৰু বাকী দুজন হৈছে টাৰ্চেম মিট্টাল আৰু সিদ্ধাৰ্থ শৰ্মা। এই সকলো তথ্য আপুনি তলৰ ফটোখন চালেই স্পষ্টকৈ বুজিব পাৰিব।
জুবিন গাৰ্গৰ মৃত্যুত এতিয়া জুবিন গাৰ্গৰ সমূহ সংগীতৰ কপিৰাইট টাৰ্চেম আৰু সিদ্ধাৰ্ধৰ হাতত। যদিহে এনেকৈয়ে থাকি যায়, এই অনা অসমীয়া ব্যক্তি কেইজনে জুবিন অবৰ্তমানতো জুবিনৰ সংগীতক লৈ ব্যৱসায় কৰি যাব পাৰিব।
এইখিনিতে উল্লেখ কৰিব লাগিব যে, টাৰ্চেম মিট্টালেই সিদ্ধাৰ্থক জুবিনৰ মেনেজাৰ হিচাপে দিছিল। টাৰ্চেম মিট্টালৰ আছে TMTM EVENTS COMPANY নামৰ এটা প্ৰতিষ্ঠান। এই প্ৰতিষ্ঠানটোৱে বলিউদৰো বহুকেইজন শিল্পীৰ মেনেজমেন্টৰ সৈতে জড়িত হৈ আছে। এই কোম্পানীটোতে কাম কৰিছিল সিদ্ধাৰ্থই। সিদ্ধাৰ্থক জুবিনৰ সৈতে লগ লগাই দিয়া মানুহজনেই আছিল টাৰ্চেম।
জুবিনৰ শেষ যাত্ৰাত মেনেজাৰ সিদ্ধাৰ্থক দেখা পোৱা নগ'ল যদিও উপস্থিত আছিল টাৰ্চেম। জুবিনৰ নশ্বৰ দেহ কঢ়িয়াই অনাৰ এম্বুলেন্সৰ পৰা আদি কৰি জুবিনৰ শেষকৃত্য লৈকে উপস্থিত আছিল টাৰ্চেম। এই টাৰ্চেম আৰু সিদ্ধাৰ্থই মিলি জুবিনৰ নিজৰ নামত থকা ছিমকাৰ্ড যোৱা এপ্ৰিল মাহত সিদ্ধাৰ্থৰ নামলৈ অনাৰ চেষ্টাও কৰিছিল বুলি শেহতীয়াকৈ অভিযোগ উত্থাপিত হৈছে।