জুবিনে ছিংগাপুৰলৈ নিয়া সকলো সামগ্ৰী পৰিয়ালক চমজাই দিলে সন্দীপনে, কিন্তু নাই মোবাইল ফোনটো...

জুবিন গাৰ্গে ব্যৱহাৰ মোবাইল ফোনটো এতিয়াও আছে মেনেজাৰ সিদ্ধাৰ্থৰ হাতত। জুবিনৰ মোবাইল ফোনটোৰ বাহিৰে ছিংগাপুৰলৈ নিয়া জুবিনৰ সকলো সামগ্ৰী যোৱা বুধবাৰে পৰিয়ালক চমজাই দিয়ে ভাতৃ সন্দীপন গাৰ্গে।

author-image
Asomiya Pratidin
New Update
iikkd

ডিজিটেল ডেস্কঃ জুবিন গাৰ্গে ব্যৱহাৰ মোবাইল ফোনটো এতিয়াও আছে মেনেজাৰ সিদ্ধাৰ্থৰ হাতত। জুবিনৰ মোবাইল ফোনটোৰ বাহিৰে ছিংগাপুৰলৈ নিয়া জুবিনৰ সকলো সামগ্ৰী যোৱা বুধবাৰে পৰিয়ালক চমজাই দিয়ে ভাতৃ সন্দীপন গাৰ্গে। সকলোৱে জানে যে, ছিংগাপুৰলৈ জুবিনৰ সৈতে গৈছিল জুবিনৰ সম্বন্ধীয় ভাতৃ সন্দীপন গাৰ্গ। 

যোৱা বুধবাৰে কাহিলীপাৰাৰ ঘৰলৈ গৈ সন্দীপনে সকলো জুবিনৰ সকলো সামগ্ৰী চমজাই দিয়ে পৰিয়ালৰ হাতত। কিন্তু এই সামগ্ৰীবোৰৰ ভিতৰত নাই জুবিনৰ ফোনটো। জুবিনৰ ভাতৃ ঋতু প্ৰয়াগ গাৰ্গৰ হাতত এই সকলোখিনি চমজাই দিয়ে সন্দীপনে। 

সন্দীপনে জনোৱা মতে, মৃত্যুৰ পিছতে জুবিনৰ ফোনটো সন্দীপনে সিদ্ধাৰ্থৰ পৰা বিচাৰিছিল যদিও সিদ্ধাৰ্থই কোনো কাম থকা বুলি সন্দীপনক দিয়া নাছিল ফোনটো। বৰ্তমানৰ জুবিনৰ সেই ফোনটোৰ চুইটছ অফ কৰি ৰাখিছে সিদ্ধাৰ্থে। আনফালে শেহতীয়াক সিদ্ধাৰ্থ আৰু শ্যামকানুক বিচাৰি অসম আৰক্ষীয়ে আৰম্ভ কৰিছে জোৰদাৰ অভিযান। 

জুবিন গাৰ্গ