/asomiyapratidin/media/media_files/2025/09/29/uujjj-2025-09-29-10-19-09.jpg)
ডিজিটেল ডেস্কঃ জুবিনৰ মৃত্যুৰ পিছতে সেই গীতটো হৈ পৰিছিল প্ৰাৰ্থনা। সকলো অনুৰাগীয়ে প্ৰাৰ্থনাৰ পৰিৱৰ্তে সেই গীতটো আওঁৰাই প্ৰিয় শিল্পীগৰাকীক দিছিল শেষ বিদায়। জুবিন গাৰ্গ নোহোৱা হোৱাৰ পিছতে অসমৰ লগতে দেশে-বিদেশে ধাৰাবাহিকভাৱে বাজি আছিল জুবিনৰ মায়াবিনী শীৰ্ষক গীতটি।
জুবিন গাৰ্গৰ অনুপস্থিতিত এই অনুপম সৃষ্টিক লৈ বেপাৰ আৰম্ভ কৰিছে একাংশ দুষ্টচক্ৰই। শেহতীয়াকৈ জুবিনৰ মায়াবিনী শীৰ্ষক গীতটোৰ অসমীয়া সংস্কৰণটোৰ কপিৰাইট চালনা কৰি নিজৰ নামত কৰি লৈছে এগৰাকী ইউটিউবাৰে। মায়াবিনীৰ কপিৰাইট দুষ্টবুদ্ধিৰে নিজৰ নামত কৰি মুস্তাফিজুৰ ৰহমান নামৰ যুৱকগৰাকীয়ে পুনৰ ভিন্ন মাধ্যমত আপলোড কৰিছে গীতটি।
উল্লেখ কৰা প্ৰয়োজন যে, জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰায় এসপ্তাহৰ পাছতে মায়াবিনীৰ অসমীয়া সংস্কৰণটো হঠাতে নাইকিয়া হৈছিল ভিন্ন মাধ্যমৰ পৰা। তাৰ পিছতে এতিয়া পোহৰলৈ আহিছে মুস্তাফিজুৰৰ দৰে দুষ্টবুদ্ধি লোকৰ এই কৰ্মকাণ্ডবোৰ। মুস্তাফিজুৰে ঘোষণা কৰিছে যে, এই গীতটোৰ পৰা যি উপাৰ্জন হয় সেই উপাৰ্জন জুবিন গাৰ্গৰ পৰিয়ালক প্ৰদান কৰা হ'ব।
কিন্তু জুবিন গাৰ্গৰ মিউজিক এল এল পিৰ নামত এই গীতটোৰ কপিৰাইট ইতিমধ্যে আছেই। জুবিনৰ অবৰ্তমানত এই গীতটোৰ যি উপাৰ্জন সেয়া জুবিনৰ পৰিয়াল বা গৰিমা গাৰ্গে আইনী মতেই লাভ কৰিব। কিন্তু এই সকলোবোৰ নেওঁচি মুস্তাফিজুৰৰে জুবিনৰ গানক লৈ এনে দালালি কিয় কৰিছে বুলি অনুৰাগী সকলে প্ৰশ্ন কৰিছে।
এনে কাণ্ড কৰি সামাজিক মাধ্যমত মুকলি ঘোষণা কৰিছিল মুস্তাফিজুৰে। সামাজিক মাধ্যমত মুস্তাফিজুৰে কৈছিল- মায়াবিনী’ গানটোৰ কপিৰাইট অধিকাৰ এতিয়া Bhaity Music Company-ৰ হাতত থাকিব। এই গীতৰ ৰয়েল্টিৰ কোনো ভাগ বা লাভ মেনেজাৰ সিদ্ধাৰ্থয়ে ল’ব নোৱাৰিব। ‘মায়াবিনী’ গানটোৰ সকলো ৰয়েল্টি কেৱল জুবিন দাৰ পৰিয়াললৈ আগবঢ়োৱা হ’ব।
মুস্তাফিজুৰে লগতে কয়- Bhaity Music Company-এ জুবিন দাৰ ‘মায়াবিনী’ৰ পৰা অহা সকলো ৰেভিনিউ গৰিমা বা আৰু দাদাৰ পৰিয়াললৈ আগবঢ়াব। আৰু আমি দাদাৰ সকলো গানৰ কপিৰাইট লোৱাৰ বাবে চেষ্টা কৰি আছোঁ যাতে দাদাৰ গানবোৰৰ এটাও অধিকাৰ (Revenue/Royalty) দাদাৰ পৰিয়ালৰ বাহিৰে আন কোনোবাই ল’ব নোৱাৰে। Bhaity Music Company-এ সদায় দাদাৰ ন্যায়ৰ বাবে কাম কৰি যাব।
উল্লেখ কৰা প্ৰয়োজন যে, পূৰ্বে এনে বহু দুষ্টালিৰ বাবে আইনৰ ৰোষত পৰিছিল মুস্তাফিজুৰ। এতিয়া জুবিন গাৰ্গক লৈ পুনৰ দালালি আৰম্ভ কৰা মুস্তাফিজুৰক লৈ কি ব্যৱস্থা আইনে গ্ৰহণ কৰে সেয়া হ'ব লক্ষ্যণীয়।