বিজেপিৰ সৈতে কোনো সম্পৰ্ক আছে নেকি মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ! ভাইৰেল ফটোক লৈ চৰ্চা...

জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাক লৈ জুবিন অনুৰাগীৰ মাজত ক্ষোভ বৃদ্ধি পায়ে আছে। এনে সময়তে চৰ্চালৈ আহিছে অন্য এটা বিষয়। মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা শাসকীয় দল বিজেপিৰ সৈতে ওতঃপোতভাৱে জড়িত হৈ

author-image
Asomiya Pratidin
New Update
ujjjjjss

ডিজিটেল ডেস্কঃ জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাক লৈ জুবিন অনুৰাগীৰ মাজত ক্ষোভ বৃদ্ধি পায়ে আছে। এনে সময়তে চৰ্চালৈ আহিছে অন্য এটা বিষয়। মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা শাসকীয় দল বিজেপিৰ সৈতে ওতঃপোতভাৱে জড়িত হৈ আছিল বুলি চৰ্চা হৈছে। বশিষ্ঠস্থিত বিজেপিৰ কাৰ্যালয়ত সিদ্ধাৰ্থৰ বহুকেইখন ফটোও ভাইৰেল হৈছে ছচিয়েল মিডিয়াত।

চৰ্চা অনুসৰি, সিদ্ধাৰ্থ শৰ্মা আছিল বিজেপিৰ ভাতৃ সংগঠন ভাৰতীয় যুৱ মৰ্চাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য। জুবিনৰ সৈতে খুবেই ঘনিষ্ঠতা থকাৰ সূত্ৰে যুৱ মৰ্চাৰ প্ৰাক্তন সভাপতি সিদ্ধাংকু অংকুৰ বৰুৱাৰ সৈতে থকা চা চিনাকিৰ জৰিয়তে এই পদবী লাভ কৰিছিল বুলি একাংশই অভিযোগ উত্থাপন কৰিছে।

bf0493b9-d4db-4028-90ae-c840d5bdba5d

বশিষ্ঠস্থিত ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত যুৱ মৰ্চাৰ বহুকেইখন গুৰুত্বপূৰ্ণ বৈঠকত সিদ্ধাৰ্থই অংশ লৈছিল বুলিও বিৰোধীয়ে অভিযোগ উত্থাপন কৰিছে। অৱশ্যে এই বিষয়টোক লৈ এতিয়ালৈকে বিজেপিয়ে কোনো কথা ৰাজহুৱা কৰা নাই। কিন্তু শেহতীয়াকৈ ভাইৰেল হোৱা ফটোসমূহ লক্ষ্য কৰিলে অনুমান কৰিব পাৰি যে, বিজেপিৰ কাৰ্যালয়লৈ সঘনাই গৈছিল মেনেজাৰ সিদ্ধাৰ্থ। 

বিজেপি জুবিন গাৰ্গ