কেতিয়া পাবহি পাৰ্থিৱ দেহ? ছিংগাপুৰ- বিদেশ মন্ত্ৰালয়ৰ পৰা আহিছে শেহতীয়া কি খবৰ...

বহু খবৰ ইতিমধ্যে বিয়পিছে। সঠিক খবৰবোৰৰ বিপৰীতে অনুমানিক আৰু সম্ভাৱনামূলক খবৰে চানি ধৰিছে। ৰৈ আছে জুবিন গাৰ্গৰ বাবে সকলো। চাব খোজে শেষ বাৰৰ বাবে হেপাঁহ পলুৱাই প্ৰিয় মানুহজনক। শনিবাৰে জুবিন

author-image
Asomiya Pratidin
New Update
xxxxxxxxxxxxxx

ডিজিটেল ডেস্কঃ বহু খবৰ ইতিমধ্যে বিয়পিছে। সঠিক খবৰবোৰৰ বিপৰীতে অনুমানিক আৰু সম্ভাৱনামূলক খবৰে চানি ধৰিছে। ৰৈ আছে জুবিন গাৰ্গৰ বাবে সকলো। চাব খোজে শেষ বাৰৰ বাবে হেপাঁহ পলুৱাই প্ৰিয় মানুহজনক। শনিবাৰে জুবিন গাৰ্গৰ নশ্বৰ দেহ স্বদেশলৈ ঘূৰাই আনিবৰ বাবে সকলো প্ৰকাৰৰ চেষ্টা অব্যাহত ৰখা হৈছে।

সাগৰৰ পানীত আকস্মিকভাৱে অসুস্থ হৈ পৰা জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত ছিংগাপুৰ আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া আগবঢ়াই নিছে। জুবিনৰ সৈতে থকা ছিংগাপুৰৰ প্ৰৱাসী অসমীয়া আটাইকেইগৰাকীকে সোধপোচ কৰিছে আৰক্ষীয়ে। জুবিনৰ সৈতে সেই সময়ত আছিল তেওঁৰ মেনেজাৰ সিদ্ধাৰ্থ, তেওঁৰ অনুষ্ঠানৰ সংগী তথা বাদ্যযন্ত্ৰ শিল্পী শেখৰ আৰু জুবিনৰ সম্বন্ধীয় ভাতৃ সন্দীপন গাৰ্গ।

ছিংগাপুৰৰ নিয়ম অনুসৰি, শনিবাৰে তেওঁৰ পেথলজিকেল পৰীক্ষাসমূহ ইতিমধ্যে কৰি থকা হৈছে। ছিংগাপুৰৰ জেনেৰেল হস্পাতালত সম্পন্ন হৈ আছে সেই পৰীক্ষা। ভাৰতীয় সময় অনুসৰি দিনৰ ১১-১২বজাৰ ভিতৰত আটাইবোৰ পৰীক্ষা সম্পন্ন হ'ব বুলি চিকিতসালয় কৰ্তৃপক্ষই জানিবলৈ দিছে।

তাৰ পিছতেই ছিংগাপুৰত থকা ভাৰতৰ উচ্চায়ুক্তৰ কাৰ্যালয়ে জুবিনৰ নশ্বৰ দেহ ভাৰতলৈ প্ৰেৰণৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব। ইয়াৰ বাবে অৱশ্যে কেইবাখন এন অ চিৰ প্ৰয়োজন হ'ব। ছিংগাপুৰত থকা এক সূত্ৰই জানিবলৈ দিয়া মতে এতিয়ালৈকে কোনো বিমানৰ ব্যৱস্থা কৰাৰ কথা তেওঁলোকে জনা নাই। 

হয়তো চাৰ্টাড বিমানেৰেও জুবিনৰ নশ্বৰ দেহ নতুন দিল্লীলৈ অনা হ'ব। ইয়াৰ বাবে অতি কমেও ৫-৬ঘন্টা সময়ৰ প্ৰয়োজন হ'ব। আনহাতে বিদেশ ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই অসমীয়া প্ৰতিদিনক একেখিনি কথাই জানিবলৈ দিলে। নশ্বৰ দেহ কেতিয়া অনা হ'ব, সেয়া এতিয়াও নিশ্চিত হোৱা নাই বুলি তেওঁ কয়।

ছিংগাপুৰৰ আইন অতি কঠোৰ বুলি উল্লে্খ কৰি মাৰ্ঘেৰিটাই লগতে জনায় যে, আইনী প্ৰক্ৰিয়া আৰু এন অ চি পোৱাৰ পাছতেই তেওঁৰ নশ্বৰ দেহ অনাৰ ব্যৱস্থা কৰিব। সেয়েহে কেতিয়ালৈ জুবিনৰ নশ্বৰ দেহ অসম পাবহি তাৰ সঠিক সময় এতিয়াও কোনো জনাব পৰা নাই। 

জুবিন গাৰ্গ