/asomiyapratidin/media/media_files/2025/09/21/pus-2025-09-21-14-22-46.jpg)
ডিজিটেল ডেস্কঃ পৃথক ৰূপত অন্তিম শয়নত জুবিন গাৰ্গ। কাহিলিপাৰাৰ স্বগৃহলৈ অনাৰ পাছত খুলি দিয়া হৈছিল কফিন। পৰিয়াল তথা আত্মীয়ই শেষ দৰ্শন কৰিছিল জুবিন গাৰ্গক। গ্লাছৰ বাকচৰ ভিতৰত নীৰৱে শুই আছে প্ৰিয় শিল্পী। পিন্ধি আছে জাতীয় এযোৰ সাঁজ। আজিও উজ্বল তেওঁৰ মুখ।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/09/21/c8e8d689-7a08-4430-8ad6-376e134d449a-2025-09-21-14-20-38.jpg)
মূৰত জুবিনে সাধাৰণতে মাৰি লোৱা গামোচাখন অন্তিম শয়নতো দেখা গ'ল। আজি নাই কোনো চঞ্চলামি। পাটৰ পাঞ্জাবীৰ ওপৰত সযতনে দি থোৱা আছে এখন ফুলাম গামোচা। কফিনৰ গ্লাছৰ চৌপাশে পৰি আছে ফুলৰ পাহি। অৱশ্যে ভৰিত নাই চিনাকি ৰঙীন জোতাযোৰ।
চকুত নাই সাধাৰণতে জুবিনে পিন্ধি থকা চানগ্লাছযোৰ। ছিংগাপুৰলৈ যোৱাৰ পূৰ্বে কাটি গৈছিল চুলি। দুই চকু জাপ খাই আছে জুবিনৰ। তাৰ পাছতে পিতৃ কপিল ঠাকুৰ আৰু গৰিমাই জুবিনক শেষ দৰ্শন কৰি উচুপি উঠা দৃশ্যই যেন ভাঙি নিলে উপস্থিত সকলোৰে হৃদয়। কোনেও ধৰি ৰাখিব নোৱাৰিলে চকুপানী। উপস্থিত সকলোৰে দুচকুৰে বৈ আহিল শোকৰ নৈ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us