/asomiyapratidin/media/media_files/2025/10/24/ujjjdd-2025-10-24-23-17-52.jpg)
ডিজিটেল ডেস্কঃ শুকুৰবাৰে নিশা ১০বজাৰ পাছত সোণাপুৰৰ জুবিন ক্ষেত্ৰত উপস্থিত হয় অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈ। দলীয় সতীৰ্থৰ সৈতে জুবিন ক্ষেত্ৰত উপস্থিত হৈ শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনাই কিছু সময়ত কটায় গৌৰৱ গগৈয়ে।
জুবিন ক্ষেত্ৰত সাংবাদিকৰ সন্মুখত গৌৰৱ গগৈয়ে কয় যে, 'জুবিন দাৰ অতি আশাৰ তথা হেপাঁহৰ ছবি ৰৈ ৰৈ বিনালে'ৰ ট্ৰেইলাৰ চাই অসমৰ মানুহ পুনৰ আৱেগিক হৈছে। ছবিখনৰ ট্ৰেইলাৰত জুবিন দাৰ সংলাপ, বিশেষকৈ সাগৰৰ পাৰত যি সংলাপ তেওঁ কৈছে, সেয়া সাধাৰণ চিনেমাৰ সংলাপ নহয়। প্ৰকৃতিৰ প্ৰতি তেওঁৰ মৰম আৰু আৱেগ ট্ৰেইলাৰটোতে আমি অনুভৱ কৰিব পাৰিছো।'
তেওঁ লগতে কয় যে, 'জুবিন দাৰ এই ক্ষেত্ৰলৈ আমি সাহস পাওঁ। জুবিন দাৰ সমাধি ক্ষেত্ৰই আমাক এক কৰিছে। এই স্থানটো এক বিশেষ স্থান আমাৰ বাবে। গতিকে মই নাভাৱো যে, এই ক্ষেত্ৰক লৈ কোনো সময়সীমা থাকিব নালাগে। অসমৰ ৰাইজে এই সমাধি ক্ষেত্ৰ তীৰ্থস্থানলৈ ৰূপান্তৰ কৰিছে। গতিকে ইয়াত চৰকাৰী এছ অ পিৰ প্ৰয়োজন নাই। অসমৰ ৰাইজৰ এই মনৰ ভাৱক চৰকাৰে মৰ্যদা প্ৰদান কৰিব লাগে। এই এছ অ পিয়ে, অসমৰ ৰাইজক আঘাত প্ৰদান কৰিছে। '
গৌৰৱ গগৈয়ে সমাধিক্ষেত্ৰত উপস্থিত হৈ আৰু কি কি ক'লে চাব পাৰিব এই লিংকতঃ-
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us