/asomiyapratidin/media/media_files/2025/09/20/381-2025-09-20-23-48-30.jpg)
ডিজিটেল ডেস্ক :মই দিল্লী পালোহি। এইবাৰ মই ‘মই’ হৈ অহা নাই। এটা কফিনৰ ভিতৰত লৈ আনিছে ইঁহতবোৰে। বৰ কষ্ট পাইছো অ’।
আজি ফ্লাইটত বিচৰা নাই মই ফ্ৰুইট কেক। কেনেকৈনো খাব পাৰিম। কেনেকৈ নো আৰু ষ্টেজত উঠি গাব পাৰিম গান ! মই এতিয়া বহু দূৰত। বিদেশৰ সাগৰখনে মোক আমাৰ ইয়াৰ দৰে চিনি নেপাই নহয়। শেষ কৰি দিলে অ’ মোক ! একেবাৰে !
জুবিন গাৰ্গ জীয়াই থকাহেঁতেন আজি তেওঁ স্বভংগীমাৰে হয়তো কথাবো এনেদৰে ক’লেহেঁতেন। কিন্তু আজি তেওঁ আহিছে এটা কফিনৰ ভিতৰত। নিজানে- নিতালে কফিনৰ ভিতৰত শুই আছে আমাৰ প্ৰিয়শিল্পীগৰাকী।
দেওবাৰে নিশা ছিংগাপুৰৰ পৰা লৈ অনা হৈছে জুবিন গাৰ্গক। কিছু সময় আগেয়ে দিল্লী বিমান বন্দৰত অৱৰণ কৰিছে জুবিনক কঢ়িয়াই অনা বিমানখনে। আৰু এতিয়া দিল্লীত কিছু আনুষ্ঠানিকতা সম্পন্ন কৰাৰ পাছত চমজি ল’ব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। তাৰ পাছতে অসমলৈ অনা হ’ব জুবিন গাৰ্গৰ নশ্বৰ দেহ। লগত আহিব বন্ধু তথা কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা আৰু বিমল বৰা।