/asomiyapratidin/media/media_files/2025/10/04/yhhhdd-2025-10-04-10-04-27.jpg)
ডিজিটেল ডেস্কঃ ছিংগাপুৰৰ পিছত জি এম চি এইচতো কৰা হৈছিল জুবিন গাৰ্গৰ প'ষ্টমৰ্টেম। এই প'ষ্টমৰ্টেমৰ ৰিৰ্পট শনিবাৰে অৰ্পন কৰা হ'ব পত্নী গৰিমা শইকীয়া গাৰ্গক। এই কথা যোৱা শুকুৰবাৰে ঘোষণা কৰিছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
ড০ শৰ্মাই কয় যে, ইতিমধ্যে ছিংগাপুৰৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন আমি জুবি গাৰ্গৰ পত্নীক প্ৰদান কৰিলো। শনিবাৰে জুবিন গাৰ্গৰ গুৱাহাটীৰ প’ষ্টমৰ্টেম ৰিপ’ৰ্ট গৰিমাক দিম, প’ষ্টমৰ্টেমৰ ৰিপ’ৰ্ট ৰাজহুৱা কৰা-নকৰা সিদ্ধান্ত গৰিমাই ল’ব।’
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই লগতে কয় যে এই ঘটনাৰ জড়িত বুলি সন্দেহ কৰা আটাইকে গ্ৰেপ্তাৰ কৰিলোঁ শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শর্মা, শেখৰ গোস্বামী আৰু অমৃতপ্ৰভা মহন্তত ১৪ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে। খুব কমক্ষেত্ৰতে আদালতে অভিযুক্তক ১৪ দিনৰ জিম্মালৈ প্ৰেৰণ কৰে। আমাৰ প্ৰচেষ্টাই এক ব্যতিক্ৰমী ৰূপ ল’লে।’