/asomiyapratidin/media/media_files/2025/10/18/ujjjd-2025-10-18-10-34-56.jpg)
ডিজিটেল ডেস্কঃ জুবিন নোহাৱা হোৱা এমাহেই হবৰ হল। বিগত দিনকেইটাত মৰমৰ গল্ডিক হেৰুৱাই চকুৰ পৰা চকুলো আঁতৰা নাই গৰিমাৰ। স্বামীক হেৰুওৱাৰ বেদনা আৰু ন্যায়প্ৰাপ্তিৰ বাবে দিন-ৰাতিয়ে উজাগৰে থকা গৰিমাই প্ৰতিদিনাই সামাজিক মাধ্যম যোগে চলাই গৈছে যুঁজ।
বিগত প্ৰায় ২৯দিনত প্ৰতি শুকুৰবাৰেই সোণাপুৰৰ জুবিন সমাধিক্ষেত্ৰলৈ নিশা এবাৰ যায় গৰিমা গাৰ্গ। শুকুৰবাৰৰ দিনটোত তেওঁ সমাধিস্থলীলৈ গৈ কিছু সময় অকলে কথা পাতে জুবিনৰ সমাধিৰ সৈতে। মানুহৰ পৰা কিছু মিনিট সময় আতঁৰত থাকি জুবিনৰ সমাধিৰ কাষত বহি গুণগুণাই কিবা কথা কৈ থাকে গৰিমাই।
জুবিনৰ সমাধিক্ষেত্ৰলৈ প্ৰতি শুকুৰবাৰে গৰিমা যোৱাৰ কাৰণটো হৈছে এই দিনটোতেই জুবিনৰ মৃত্যু হৈছিল। জুবিনৰ মৃত্যুৰ দিনটোত সমাধিৰ কাষত বহি গৰিমাই কথা পাতে মৰমৰ গল্ডিৰ সৈতে। যোৱা ১৭অক্টোবৰ, ২০২৫ৰ নিশাও গৰিমা নিশা জুবিনৰ সমাধিক্ষেত্ৰত উপস্থিত হৈ এনেদৰেই পাতিলে কিছু কথা।
সাংবাদিকে গৰিমাক প্ৰশ্ন কৰিছিল, আপুনি জুবিন দাৰ সমাধি ক্ষেত্ৰৰ কাষত বহি কি কথা কৈ থাকে? ইয়াৰ উত্তৰত গৰিমা শইকীয়া গাৰ্গে কয়, মই তেওঁ সৈতে কথা পাতো। মই জানো তেওঁ মোৰ কথাবোৰ শুনে। যেতিয়াই অকলশৰীয়া যেন লাগে নাইবা সাহস হেৰুওৱা যেন লাগে, সেইবোৰ কথা মই তেওঁক কও। তেওঁ মোক মনত অজানা এক সাহসৰ সৃষ্টি কৰে। মোৰ মনত থকা সকলো দুচিন্তাৰ কথা আহি তেওঁক মই জনাওঁ।
উল্লেখ কৰা প্ৰয়োজন যে, অইন দিনাৰ দৰে ১৭অক্টোবৰ, ২০২৫ৰ নিশাও কান্দোনত ভাগি পৰে গৰিমা গাৰ্গ। কিন্তু তাৰ মাজতে সকলোৱে জুবিনৰ ন্যায়ৰ বাবে থিয় দিবলৈ আহ্বান জনায় গৰিমা গাৰ্গে।