এই খবৰ মিছাঃ গৰিমা...

জুবিনৰ মৃত্যুৰ খবৰ মিছা। এনেকৈয়ে গুছি যাব নোৱাৰে জুবিন। এইদৰে কৈ ভগৱানৰ ওচৰত কেৱল প্ৰাৰ্থনা জনাইছিল জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গে। কাহিলীপাৰাৰ বাসগৃহত জুবিনৰ বিয়োগৰ

author-image
Asomiya Pratidin
New Update
xujjjd

ডিজিটেল ডেস্কঃ জুবিনৰ মৃত্যুৰ খবৰ মিছা। এনেকৈয়ে গুছি যাব নোৱাৰে জুবিন। এইদৰে কৈ ভগৱানৰ ওচৰত কেৱল প্ৰাৰ্থনা জনাইছিল জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গে। কাহিলীপাৰাৰ বাসগৃহত জুবিনৰ বিয়োগৰ খবৰ পাই উপস্থিত হৈছিলগৈ বহু সংখ্যক লোক। ইতিমধ্যে চিকিতসকে নিশ্চিত কৰিছিল জুবিনৰ মৃত্যুৰ কথা।

প্ৰতিটো মূৰ্হুততে জুবিনৰ কাষত থাকে গৰিমা। এইবাৰ ছিংগাপুৰলৈ অৱশ্যে যোৱা নাছিল জুবিনৰ সৈতে। তথাপিও খবৰ ৰাখিছিল জুবিনৰ। অনাকাংক্ষিত এই খবৰ পোৱাৰ পাছত জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গা মানি ল’ব পৰা নাই সেই দুৰ্বিসহ সংবাদ। হাঁহি-স্ফূতি কৰি থকা মানুহ এটা আকস্মিকভাৱে  হেৰাই যাব বুলি তেওঁ কল্পনাই কৰা নাছিল।

কান্দোনত ভাগি পৰি গৰিমাই কেৱল কৈ গৈছে এই খবৰ মিছা। তেওঁ পুনৰ উভতি আহিব সুশৰীৰে বুলি আৱেগিকভাৱে মন্তব্য কৰে গৰিমাই। ইফালে অসম স্তদ্ধ কৰি যোৱা জুবিন গাৰ্গৰ বিয়োগৰ খবৰে তেওঁৰ গুণমুদ্ধসকলকো বাৰুকৈয়ে শোকস্তদ্ধ কৰি তুলিছে।

জুবিন গাৰ্গ