ঘিলামৰাত জুবিন গাৰ্গৰ ৰাজহুৱা শ্ৰাদ্ধ আৰু বন্তি প্ৰজ্বলন

শিল্পীগৰাকীক ন্যায় প্ৰদানৰ সংকল্পৰে ঘাহি গাঁও বালিকা মজলীয়া বিদ্যালয় খেলপথাৰত দিনজোৰাকৈ অনুষ্ঠিত হয় ৰাজহুৱা আদ্যশ্ৰাদ্ধ আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

author-image
Asomiya Pratidin
New Update
14

ডিজিটেল সংবাদ, ঢকুৱাখনা : জুবিন গাৰ্গৰ অকাল বিয়োগৰ এটা মাহ উকলিল । এটা মাহৰ পূৰ্বে সাগৰৰ তলিত শুই পৰা জুবিন বিহীন অসমে বিগত ৩০টা দিন অতিবাহিত কৰাৰ পাছতো কৰবাত যেন কক্ষচ্যুত হৈছে জুবিন নোহোৱা হোৱাৰ তদন্ত প্ৰক্ৰিয়া । 

বিশ্বব্যাপী তুমুল চর্চা হোৱা এই মৃত্যুক লৈ আৰম্ভ হোৱা নিকৃষ্ট ৰাজনীতিয়ে জুবিনৰ গুণগ্ৰাহী ,অনুৰাগীসকলক আশাহত কৰি তোলাৰ সময়তে জনতাৰ শিল্পীগৰাকীৰ অকাল মৃত্যুৰ এমাহ পূৰ্ণ হোৱাৰ উপলক্ষত ঘিলামৰাত অনুষ্ঠিত কৰা হয় শ্ৰদ্ধাঞ্জলি আৰু ৰাজহুৱা শ্ৰাদ্ধ অনুষ্ঠান । ঘিলামৰা ঘাহি গাঁও যুৱক সংঘ আৰু যুৱতী সমাজৰ উদ্যোগত দেওবাৰে অনুষ্ঠিত কৰা হয় ৰাজহুৱা শ্ৰাদ্ধ ।

শিল্পীগৰাকীক ন্যায় প্ৰদানৰ সংকল্পৰে ঘাহি গাঁও বালিকা মজলীয়া বিদ্যালয় খেলপথাৰত দিনজোৰাকৈ অনুষ্ঠিত হয় ৰাজহুৱা আদ্যশ্ৰাদ্ধ আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ।পুৱা প্ৰতিচ্ছবিত পুষ্প মাল্য অৰ্পণ, শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, নাহৰ পুলি ৰোপণ , শৰাই স্থাপন, কীৰ্তন পাঠ,নাম প্ৰসংগৰ পাছতে দুপৰীয়া হৰিনাম পৰিবেশন, গায়ন বায়ন পৰিবেশন আদিৰ লগতে নিমন্ত্রিত অতিথি হিচাবে ধেমাজিৰ বিশিষ্ট শিল্পী ,শিক্ষাবিদ ডঃ শংকৰ পাটোৱাৰী আৰু বিশিষ্ট অতিথি হিচাবে শিক্ষাবিদ ডঃ কেশৱ হাজৰিকাই অংশগ্ৰহণ কৰি চমু বক্তব্য আগবঢ়ায় ।

গাঁওখনৰ সকলো গঞাৰ লগতে সমীপবৰ্তী অঞ্চলৰ শতাধিক অনুৰাগীয়ে অংশগ্ৰহণ কৰা ৰাজহুৱা শ্ৰাদ্ধৰ অন্তত সন্ধিয়ালৈ "মায়াবিনী ৰাতিৰ বুকুত " শীৰ্ষক গীতেৰে অনুষ্ঠানৰ সামৰণি মাৰি ঘৰে ঘৰে বন্তি প্ৰজ্বলন কৰি শিল্পীগৰাকীৰ বিদেহ আত্মাৰ শান্তি কামনা কৰা হয় । ৰাজহুৱা অনুষ্ঠানতে প্ৰাণৰ শিল্পীগৰাকীৰ মৃত্যুৰ ন্যায় প্ৰাপ্তিৰ লগতে মৃত্যু ৰহস্য উন্মোচিত কৰাৰ ৰাজহুৱা দাবী উত্থাপন কৰা হয় ।

জুবিন গাৰ্গ