কোলাহলৰ পৰা আঁতৰি নিৰিবিলি গধূলি জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি...

বেলতলা নিবাসী দিলীপ দাসৰ বাসগৃহৰ চাদত থকা তুলসী, বিবিধ ফুল আদিৰে সুসজ্জিত এক নিৰিবিলি পৰিৱেশত অনুষ্ঠিত কৰা হয় প্ৰাণৰ শিল্পীগৰাকীৰ এমহীয়াপূৰ্তিৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2025-10-19 at 10.09.49 PM

ডিজিটেল ডেস্ক : জুবিন গাৰ্গৰ অকাল বিয়োগৰ আজি এমাহ পূৰ্ণ হ’ল। শিল্পীগৰাকীৰ শূন্যতাত আজিও অসমৰ সৰ্বস্তৰৰ ৰাইজ ম্ৰিয়মাণ। কিন্তু তাৰ মাজতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত জুবিন গাৰ্গৰ এমহীয়াপূৰ্তি পালন কৰা হৈছে। 

WhatsApp Image 2025-10-19 at 10.04.23 PM

সোণাপুৰৰ কমাৰকুছিস্থিত জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰ, কাহিলীপাৰাৰ বাসগৃহৰ লগতে কেতবোৰ অনুষ্ঠান- প্ৰতিষ্ঠানৰ উদ্যোগত ভিন্ন স্থানত নাম-কীৰ্তনৰ উপৰি তেওঁৰ গীত-মাতেৰে এই এমহীয়াপূৰ্তি শোকাকূল পৰিৱেশত পালন কৰা হৈছে। এই সমূহৰ উপৰিও গুৱাহাটী মহানগৰীৰ কোলাহলৰ পৰা আঁতৰি এক নিৰিবিলি তথা প্ৰাকৃতিক পৰিৱেশত অনুষ্ঠিত কৰা হৈছে জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। 

WhatsApp Image 2025-10-19 at 10.04.22 PM

অসম চৰকাৰৰ এগৰাকী অৱসৰপ্ৰাপ্ত বিষয়া তথা বেলতলা নিবাসী দিলীপ দাসৰ বাসগৃহৰ চাদত থকা তুলসী, বিবিধ ফুল আদিৰে সুসজ্জিত এক নিৰিবিলি পৰিৱেশত অনুষ্ঠিত কৰা হয় প্ৰাণৰ শিল্পীগৰাকীৰ এমহীয়াপূৰ্তিৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান।

WhatsApp Image 2025-10-19 at 10.04.20 PM (1)

উল্লেখযোগ্য যে, কেইবাটাও সম্ভ্ৰান্ত পৰিয়াল একলগ হৈ শিল্পীগৰাকীৰ প্ৰতিচ্ছবিৰ লগতে চৌপাশে বন্তি প্ৰজ্বলন কৰি এই পাৰিবাৰিক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰে। 

WhatsApp Image 2025-10-19 at 10.04.22 PM (1)

আনহাতে জুবিন গাৰ্গৰ বাণীখোদিত হাতেৰে অংকিত এখন ছবিত পুষ্পাঞ্জলি অৰ্পণেৰে এই অনুষ্ঠানৰ শুভাৰম্ভ কৰা হয়। ছবিখন অংকন কৰিছে উত্তৰ লখিমপুৰৰ চিত্ৰশিল্পী লক্ষীজ্যোতি শইকীয়াই। ইয়াৰ পাছতে এক মিনিট সময় শিল্পীগৰাকীৰ আত্মাৰ সদগতি কামনা কৰি মৌন প্ৰাৰ্থনা জনোৱা হয়। 

WhatsApp Image 2025-10-19 at 10.04.21 PM

অনুষ্ঠানৰ আৰম্ভণিতে শিশু শিল্পী ৰিদ ৰিদম মহন্তই জুবিন গাৰ্গৰ কালজয়ী গীত মায়াবিনী/ৰাতিৰ বুকুত/দেখা পালো/তোমাৰ ছবি... শীৰ্ষক গীতটি পৰিৱেশন কৰে। একেদৰে ইয়াৰ পাছত আন এগৰাকী শিশু শিল্পী মৰম গগৈয়ে 'আবেগে উপচা মন...' শীৰ্ষক গীতটি অতি সাৱলীলভাৱে পৰিৱেশন কৰি শ্ৰোতা-দৰ্শকক আমোদ দিয়ে। 

WhatsApp Image 2025-10-19 at 10.04.20 PM

আনহাতে উক্ত অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰী তথা প্ৰতিষ্ঠিত শিল্পী আকাংখা দাসে জুবিন গাৰ্গৰ কেইবাটাও গীত পৰিৱেশন কৰি অনুষ্ঠাটি জীপাল কৰি তোলে। 

WhatsApp Image 2025-10-19 at 9.25.59 PM

এইখিনিতে এটা কথা উল্লেখ কৰা প্ৰয়োজন যে, আজিৰ এই সংগীত সন্ধিয়াটিত বাদ্য সংগত কৰে অংশুমান মহন্ত আৰু মন দেউৰীয়ে। তাৰোপৰি অনুষ্ঠানটিত উপস্থিত থাকে জ্যেষ্ঠ সাংবাদিক তথা অসমীয়া প্ৰতিদিনৰ সহযোগী সম্পাদক প্ৰকাশ মহন্তৰ পৰিয়াল, জিতেন গগৈৰ পৰিয়াল আৰু দিলীপ দাসৰ পৰিয়াল। একেদৰে মন দেউৰী, শুভাশিস মহন্ত, অংশুমান মহন্তৰ পৰিয়ালো উপস্থিত থাকে।

জুবিন গাৰ্গ