শ্মশান হ’ল মহাতীৰ্থ : অহৰহ বাজে য’ত নাম-কীৰ্তনৰ ধ্বনি

এদিন এটি সাক্ষাতকাৰত জুবিন গাৰ্গে কৈছিল- মই মৰাৰ আগত এনে এটা কাম কৰি থৈ যাম, যিটো এশ বছৰলৈ কোনেও কৰিব নোৱাৰিব। সেই বাক্যশাৰী যেন এতিয়া কাৰ্যতঃ পৰিণত হৈ ৰ’ল

author-image
Asomiya Pratidin
New Update
22

ডিজিটেল ডেস্ক : এদিন এটি সাক্ষাতকাৰত জুবিন গাৰ্গে কৈছিল- মই মৰাৰ আগত এনে এটা কাম কৰি থৈ যাম, যিটো এশ বছৰলৈ কোনেও কৰিব নোৱাৰিব। সেই বাক্যশাৰী যেন এতিয়া কাৰ্যতঃ পৰিণত হৈ ৰ’ল। 

হয়, জুবিন গাৰ্গৰ বিয়োগৰ পাছত অসমত যিবোৰ কাৰ্য চলি আছে সেই কামবোৰ ভৱিষ্যতৰ বাবে এটা এটা দৃষ্টান্ত বুলি ক’লেও বঢ়াই কোৱা নহ’ব। নিয়ম ভাঙি নিয়ম গঢ়া জুবিন গাৰ্গে অসমীয়া জাতিৰ বাবে এনে নিয়ম গঢ়ি গ’ল যি নিয়ম এতিয়া হৈ পৰিছে সাৰ্বজনীন। 

হিন্দু, মুছলমান- খ্ৰীষ্টান সকলো ধৰ্মৱালম্বী লোকে একে পথেৰে যাত্ৰা কৰিছে। সমন্বয়ৰ বাটেৰে এনাজৰীৰডোলেৰে বান্ধ খাই আগুৱাই গৈছে সোণাপুৰৰ কমাৰকুছিস্থিত জুবিন গাৰ্গৰ শেষ ঠিকনালৈ। যি ঠিকনাই নিবিচাৰে কোনো জাতি, ধৰ্ম, উচ্চ-নীচৰ ভেদাভেদ। 

জুবিন গাৰ্গে বিচৰা ধৰণে সকলোৱে নিজ নিজ ধৰ্মৰ নীতি-নিয়মেৰে কৰি গৈছে জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ প্ৰাৰ্থনা। গীতা, কোৰান, বাইবেলৰ লগতে জুবিন গাৰ্গৰ সমাধিত উচ্চাৰিত হৈছে নাম-কীৰ্তনৰ ধ্বনি। 

আজি এমাহে ধৰি অহৰহ বাজি আছে এই বেদ-মন্ত্ৰৰ ধ্বনি। নাম-কীৰ্তনৰ উপৰিও আন কৃষ্টি-সংস্কৃতিৰ লগতে ভাওনাৰো কৰ্ষণস্থলীত পৰিণত হৈছে জুবিন গাৰ্গৰ সমাধিস্থলী। তাৰোপৰি নাগাৰা নাম, হৰিনাম, ওজাপালি ইত্যাদি বিবিধ লোকাচাৰেৰে উপচাই তোলা হৈছে জুবিন গাৰ্গৰ অন্ত্যোষ্টিক্ৰিয়াথলী।

উল্লেখযোগ্য যে, গ্ৰাম্য সমাজ ব্যৱস্থা, সত্ৰীয়া সমাজ ব্যৱস্থাৰো যেন নিয়ম ভাঙি নতুন নিয়ম গঢ়ি প্ৰতিষ্ঠা হৈছে দৃষ্টান্তৰ। অসমীয়া সমাজ ব্যৱস্থাৰ অন্তৰ্গত ব্ৰাহ্মণ অথবা সত্ৰীয়া সমাজ ব্যৱস্থাত কোনো লোকে যদি শ্মশানলৈ যায় তেন্তে তেওঁ প্ৰায়চিত্ত হ’ব লাগে। 

পৰম্পৰা অনুসৰি শ্মশানৰ পৰা শ জ্বলাই গা-পা ধুই উঠি, জুইত হাত –ভৰি সেকিহে ঘৰৰ ভিতৰত প্ৰৱেশ কৰিব পাৰে। একেদৰে লগুণধাৰী লোকসকলে শ্মশানত যোৱা লগুণ সলাই নতুন লগুণ পৰিধান কৰাৰ নিয়ম তাহানিৰ পৰাই প্ৰচলিত। 

কিন্তু আজি সেই শ্মশান যেন মহাতীৰ্থত পৰিণত হৈছে। এইবোৰ নিয়মৰ কথা ভবা যেন আজি অপ্ৰয়োজনীয় হৈ পৰিছে। 

আজি সকলো ধৰ্মৰ লোকৰে মনত ভাব হৈছে- এয়া যেন শ্মশান নহয়, এয়া এখন তীৰ্থস্থানহে। য’ত নাথাকে ভূত-প্ৰেত। তাৰ বিপৰীতে থাকে মাথো প্ৰভু মহেশ্বৰ। ভগৱান শিৱক আৰধনা কৰা পীঠত পৰিণত হৈছে জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰ। 

প্ৰণিধানযোগ্য যে, শ্মশান আৰু ভগৱান শিৱৰ সৈতে জুবিন গাৰ্গৰ আছিল দুৰ্বলতা। জুবিন গাৰ্গৰ পূৰ্বৰ মেনেজাৰ তাৰচেম মিট্টালে এবাৰ চুক্তিৰ কথা কওঁতে জুবিনে ভূতনাথ শ্মশানলৈ নি কৈছিল- চা ইয়াতে চুক্তি কৰ। তই আগেয়ে মৰিলে মোক জ্বলাবি আৰু মই আগেয়ে মৰিলে তোক জ্বলাম। 

এয়াই আছিল তেওঁলোকৰ চুক্তি। অৱশ্যে জুবিন গাৰ্গে নৱগ্ৰহ শ্মশানলৈ যোৱা নাছিল। তাৰ কাৰণ নথকা নহয়। তাৰ কাৰণ হৈছে নৱগ্ৰহ শ্মশানত ভগ্নী জংকি আৰু বন্ধু জয়ন্ত পাত্ৰৰ অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন হৈছিল। যাৰ বাবে তেওঁ নৱগ্ৰহ শ্মশানলৈ যাবলৈ বেয়া পাইছিল।  

বহুদিন আগেয়ে জুবিনে কোৱা কথাবোৰ এতিয়া দৃষ্টান্ত হৈ পৰিছে। জুবিন গাৰ্গৰ সমাধিয়ে দেখুৱাই দিলে শ্মশান যে পবিত্ৰ এক স্থান। 

শ্মশান যে উপাসনাৰথলীও হ’ব পাৰে সেই কথাও বুজাই দিলে বহুলোকক। চন্দালজনো যে নিঃকিন মানৱ নহয় তাৰো দিলে আভাস। জুবিন গাৰ্গৰ বিয়োগে শ্মশানক দিলে এক মান্যতা। এক কথাত প্ৰচলিত সমাজৰ কুসংস্কাৰ আঁতৰাই সভ্যতাৰ নিদৰ্শন দাঙি ধৰিলে শিল্পীগৰাকীয়ে।

জুবিন গাৰ্গে মানুহ আৰু গছক ভগৱান বুলিছিল আৰু আজি তেওঁৰ সমাধিস্থলীত কেৱল মানুহ আৰু মানুহ। বিভিন্ন জাতি-জনজাতি, উপজাতি, ভাষা-ভাষিৰে উপচি পৰিছে কমাৰকুছি। কাৰোৰে মনত নাই কাৰ কি জাতি, কি ধৰ্ম। কেৱল এটা উদ্দেশ্যৰে উপস্থিত হৈছে জুবিন গাৰ্গৰ শেষকৃত্যথলীত।

এয়াই জুবিন গাৰ্গ। বহেমীয়ান মানুহজনে মৰাৰ পাছতো যিয়ে এখন সমাজক দেখুৱাব পাৰে যুগ যুগান্তকাৰী দৃষ্টান্ত...

জুবিন গাৰ্গ শ্মশান