/asomiyapratidin/media/media_files/2025/09/24/420-2025-09-24-18-43-53.jpg)
ডিজিটেল ডেস্ক : 'ৰৈ ৰৈ বিনালে...' শীৰ্ষক গীতটি আছিল জুবিন গাৰ্গৰ ‘শব্দ’ এলবাৰ অন্যতম এটি শ্ৰুতিমধুৰ গীত। এই অৰ্থৱহ গীতটোক লৈ ‘ৰৈ ৰৈ বিনালে’ নামেৰে এখন চিনেমা নিৰ্মাণৰ পৰিকল্পনা কৰিছিল জুবিন গাৰ্গে।
সেই মতে বিগত দুই/ তিনিটা বছৰ পূৰ্বে ‘ৰৈ ৰৈ বিনালে’ৰ চিত্ৰনাট্য আৰু সংলাপ লিখাৰ দায়িত্ব দিছিল ৰাহুল গৌতম শৰ্মা আৰু শান্তনু ৰৌমূৰীয়াক। তাৰোপৰি পৰিচালনাৰ দায়িত্ব দিছিল জুবিন গাৰ্গৰ বন্ধু ৰাজেশ ভূ়ঞাক। আনহাতে কাহিনী- সংগীত আৰু প্ৰযোজনাৰ দায়িত্ব জুবিন গাৰ্গে নিজেই লৈছিল।
পৰিকল্পনা কৰা ধৰণে নিৰ্মীয়মাণ ‘ৰৈ ৰৈ বিনালে‘ৰ দৃশ্যগ্ৰহণ, সম্পাদনা, সংগীত আদিৰ কাম সম্পূৰ্ণ কৰিছিল জুবিন গাৰ্গে। প্ৰায়খিনি কাম সম্পন্ন হোৱাৰ পাছত তেওঁ ছবিখনৰ মুক্তিৰ দিনো ঘোষণা কৰিছিল জুবিন গাৰ্গে। তেওঁ কৈছিল- এইখন এখন মিউজিকেল চিনেমা। প্ৰেম আৰু আবেগ পাব ইয়াত। মাৰপিট নাই ৰৈ ৰৈ বিনালেত।
এতিয়া জুবিন গাৰ্গ অবিহনে ছবিখন মুক্তি দিয়াৰ সন্দৰ্ভত বহুতে বহু প্ৰশ্ন অৱতাৰণ কৰিছে যে, ছবিখন কেতিয়া মুক্তি লাভ কৰিব? এই প্ৰশ্নৰ অৱসান ঘটাই পৰিচালক ৰাজেশ ভূঞাই জনাই যে, জুবিনে বিচৰা ধৰণে ছবিখন মুক্তি দিয়া হ’ব। জুবিন গাৰ্গে ৩১ অক্টোবৰ ২০২৫ত ৰাইজৰ মাজলৈ ৰৈ ৰৈ বিনালে আহিব বুলি কৈছিল আৰু সেই মতেই মুক্তি দিয়া হ’ব জুবিন গাৰ্গৰ সপোনৰ ছবি ৰৈ ৰৈ বিনালে...।