জুবিন গাৰ্গৰ সপোন আৰু আশা - ৰৈ ৰৈ বিনালে...

“এইখন এখন সম্পূৰ্ণ মিউজিকেল চিনেমা হ’ব। ইয়াত মাৰপিট নাথাকে। কেৱল প্ৰেম আৰু ইমোচন থাকিব। মই অন্ধ চৰিত্ৰ এটাত অভিনয় কৰিছো। সকলোৱে চাব। অসমৰ প্ৰথমখন মিউজিকেল চিনেমা- ৰৈ ৰৈ বি না লে।“

author-image
Asomiya Pratidin
New Update
402

ডিজিটেল ডেস্ক : জুবিন গাৰ্গৰ “শব্দ“ এলবামৰ অন্যতম এটি জনপ্ৰিয় গীত “ৰৈ ৰৈ বিনালে/ নিশায়ে বিনালে...।“ সেই গীতক লৈ এখন ছবি নিৰ্মাণ কৰাৰ আশা বহুদিনৰ পৰাই তেওঁ মনত পুহি ৰাখিছিল। 

তেওঁ প্ৰায়েই কৈছিল- “এইখন এখন সম্পূৰ্ণ মিউজিকেল চিনেমা হ’ব। ইয়াত মাৰপিট নাথাকে। কেৱল প্ৰেম আৰু ইমোচন থাকিব। মই অন্ধ চৰিত্ৰ এটাত অভিনয় কৰিছো। সকলোৱে চাব। অসমৰ প্ৰথমখন মিউজিকেল চিনেমা- ৰৈ ৰৈ বি না লে।“

শীৰ্ষক গীতটিৰ বহু বছৰ পাছত চিনেমাখন নিৰ্মাণৰ প্ৰাৰম্ভিক কাম আৰম্ভ কৰিছিল আজি দুই/ তিনি বছৰ আগেয়ে। পৰিকল্পনা মতেই ৰাহুল গৌতম শৰ্মা আৰু শান্তনু ৰৌমুৰীয়াক ছবিখনৰ চিত্ৰনাট্য আৰু সংলাপৰ দায়িত্ব দিছিল। পৰিচালনাৰ দায়িত্ব দিছিল জুবিন গাৰ্গৰ পুৰণি বন্ধু ৰাজেশ ভূঞাক। 

তাৰোপৰি কাহিনী- সংগীত- প্ৰযোজনাৰ দায়িত্ব তেওঁ নিজেই লৈছিল। ভবা মতে ছবিখনৰ দৃশ্যগ্ৰহণকে ধৰি ভালেখিনি কাম ইতিমধ্যে সম্পন্ন হৈছে। ছবিখনৰ পোষ্টাৰো ৰিলিজ দিয়া হৈছে। 

সংগীতৰ কামো প্ৰায় সম্পূৰ্ণ হৈছে। অৱশ্যে মিক্সিং আদি আনুসংগিক কাম বাকী থকা বুলি জানিব পৰা গৈছে। সেয়া ছিংগাপুৰৰ পৰা আহি কৰাৰ কথা আছিল। ছবিখনৰ মুক্তিৰ দিনো ঘোষণা কৰিছিল তেওঁ- ৩১ অক্টোবৰ ২০২৫ ।

বিদেশত ছবিখনৰ দৃশ্যগ্ৰহণ কৰাৰ ইচ্ছা আছিল জুবিন গাৰ্গৰ। সেয়ে শ্ৰীলংকা আৰু তাৰ সাগৰৰ তীৰত ‘ৰৈ ৰৈ বিনালে’ৰ দৃশ্যগ্ৰহণ সম্পন্ন কৰা হৈছিল। এই সকলো কাম ইতিমধ্যে হৈ উঠিছে। 

এতিয়া কেৱল সকলো ঠিকে থাকিলে ঘোষণা কৰা দিন মতে ৰৈ ৰৈ বিনালে মুক্তি দিব পৰা যাব। মৰম আকলুৱা জুবিন গাৰ্গে ৰাইজ তথা অসমক দিছে অনস্বীকাৰ্য অৱদান। জুবিন গাৰ্গৰ এই সপোন আৰু আশাক হয়তো ৰাইজেও কৃপণালি নকৰাকৈ দিব মৰম ! 

কায়িকভাৱে তেওঁ আমাৰ মাজত নাথাকিলেও থাকি যাব তেওঁৰ সৃষ্টি। হয়তো জুবিন গাৰ্গৰ বিয়োগৰ পাছত ৰাইজে পুনৰবাৰ পৰ্দাত দেখা পাব মহান শিল্পীগৰাকীক ‘ৰৈ ৰৈ বিনালে’ৰ জৰিয়তে। জুবিন গাৰ্গ আমাৰ মাজলৈ পুনৰ আহিব ‘ৰাউল’হৈ...।

জুবিন গাৰ্গ