বঢ়মপুৰ শংকৰ মিছন অন্ধ বিদ্যালয়ত জুবিন গাৰ্গৰ ন্যায় যাত্রা অনুষ্ঠান

মৃত্যুৰ পূৰ্বে জুবিন গাৰ্গে যোৰহাটত বিশেষভাৱে সক্ষম ছাত্ৰ-ছাত্ৰীসকলক সহায় কৰা উদ্দেশ্য এক সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰাৰ কথা আছিল। জুবিন গাৰ্গৰ সপোনৰ এই অনুষ্ঠান জুবিন গাৰ্গে পৰিকল্পনা কৰাৰ দৰে হ’ব বুলি উল্লেখ কৰে জুবিন গাৰ্গৰ বন্ধু শিল্পী ৰাজা বৰুৱাই ।

author-image
Asomiya Pratidin
New Update
86

ডিজিটেল সংবাদ, বঢ়মপুৰ : ৰেৱতী মোহন বৰঠাকুৰ ফাউণ্ডেচনৰ উদ্যোগত বৃহস্পতিবাৰে বঢ়মপুৰ শংকৰ মিছন অন্ধ বিদ্যালয়ত জুবিন গাৰ্গৰ ন্যায় যাত্রা অনুষ্ঠান সম্পন্ন হয়। এই ন্যায় যাত্ৰাৰযোগিদে এখন কটকটীয়া আৰু পানী নসৰকা অভিযোগনামা তথা ফাছট্ৰেক আদালতত জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়া চলাবৰ বাবে আহ্বান জনায়।

ন্যায় যাত্ৰাত অংশ লোৱা অন্ধ বিদ্যালয়ৰ শিক্ষাৰ্থীসকলে কয়- আমাক দাদাই কাঞ্চনজংঘা ছবিখনৰ লগতে জুবিনদাৰ বহু ছবি চাবলৈ লৈ গৈছিল । আমি গৌৰিমা বৌক অনুৰোধ জনালোঁ, আমাক ৰৈ ৰৈ বিনালে ছবি চাবৰ বাবে সুবিধা কৰি দিয়ে যেন।

আনহাতে অহা ৩০ নৱেম্বৰত যোৰহাটত জুবিন গাৰ্গে বিশেষভাৱে সক্ষম ছাত্ৰ-ছাত্ৰীসকলৰ অনুষ্ঠান আয়োজন কৰাৰ কথা কৈছিল। কিন্তু আজি জুবিন বিহীন এই সময়ত উক্ত অনুষ্ঠানটি পূৰ্ব নিৰ্ধাৰিত সময়মতে নহ’লেও পলমকৈ হ’লেও জুবিন গাৰ্গৰ স্মৃতিত অনুষ্ঠিতটি অনুষ্ঠিত কৰা হ’ব বুলি জনায় ।

প্ৰনিধানযোগ্য যে, মৃত্যুৰ পূৰ্বে জুবিন গাৰ্গে যোৰহাটত বিশেষভাৱে সক্ষম ছাত্ৰ-ছাত্ৰীসকলক সহায় কৰা উদ্দেশ্য এক সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰাৰ কথা আছিল। জুবিন গাৰ্গৰ সপোনৰ এই অনুষ্ঠান জুবিন গাৰ্গে পৰিকল্পনা কৰাৰ দৰে হ’ব বুলি উল্লেখ কৰে জুবিন গাৰ্গৰ বন্ধু শিল্পী ৰাজা বৰুৱাই ।

ৰাজা বৰুৱাই কয়- জুবিন গাৰ্গৰ এটা দীৰ্ঘদিনীয়া সপোন কাইলৈ দিঠকত পৰিণত হ’ব ৰৈ ৰৈ বিনালে। জুবিন গাৰ্গে কৈ গৈছে ছবিখন ৰাইজে ভাল পাব। হাঁহি হাঁহি ছবিগৃহত সোমাব আৰু কান্দি কান্দি ওলাই আহিব।

জুবিন গাৰ্গ