এনাজৰীৰ উদ্যোগত জুবিন গাৰ্গৰ স্মৃতিচাৰণ সভা

মহিলাসকলৰ অন্যতম সাংস্কৃতিক -সামাজিক অনুষ্ঠান "এনাজৰী"ৰ উদ্যোগত দেওবাৰে অনুৰাধাত অনুষ্ঠিত কৰে জুবিন গাৰ্গৰ পবিত্ৰ স্মৃতিচাৰণ সভা

author-image
Asomiya Pratidin
New Update
439

ডিজিটেল সংবাদ, গুৱাহাটী : মহিলাসকলৰ অন্যতম সাংস্কৃতিক -সামাজিক অনুষ্ঠান "এনাজৰী"ৰ উদ্যোগত দেওবাৰে অনুৰাধাত অনুষ্ঠিত কৰে জুবিন গাৰ্গৰ পবিত্ৰ স্মৃতিচাৰণ সভা। আৰম্ভণিতে জুবিন গাৰ্গৰ স্থিৰচিত্ৰত বন্তি প্ৰজ্বলন আৰু পুষ্পাৰ্ঘ্য অৰ্পণ কৰা হয়।

ইয়াৰ পিছত এনাজৰীৰ সভানেত্ৰী অঞ্জলি দাসৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদিকা পুতুলী ঠাকুৰীয়া মেধিয়ে।  স্বপ্না বৰুৱাৰ বৰগীত পৰিৱেশনেৰে আৰম্ভ কৰা সভাত বক্তৃতা দি সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ অৱসৰী অধ্যক্ষা ড০ ইন্দিৰা বৰদলৈয়ে জুবিন গাৰ্গৰ সান্নিধ্য লাভ আৰু তেওঁৰ বাঙ্ময় সত্বাৰ ওপৰত আলোকপাত কৰে।

জাহ্নৱী ভাগৱতীয়ে গীত, মঞ্জু গৌতমে কবিতা পাঠ কৰা সভাত কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ প্ৰচাৰ বিভাগৰ আহ্বায়ক তথা সাংবাদিক দীপক শৰ্মা, জ্যোৎস্না‌ হাজৰিকা, আৰতি বুজৰবৰুৱা, আৰাধনা বৰদলৈ, কৰবী শালৈ, ৰুমাল বৰুৱা, গায়ত্ৰী শৰ্মা, দিপালী দাস,‌ তৰুমণি ডেকা প্ৰভৃতিয়ে জুবিন গাৰ্গৰ ব্যক্তিত্ব, প্ৰতিভাৰ লগতে গীতৰ মাজেৰে মানুহৰ প্ৰতি থকা ভালপোৱা, স্নেহ ভাৱৰ কথাৰ ওপৰত আলোকপাত কৰে। ‌

কাহিলীপাৰা শতদল সাহিত্য সভাৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন :

কাহিলীপাৰা শতদল সাহিত্য সভাৰ তৰফৰ পৰা জ্যোতি চিত্ৰবনৰ সন্মুখ ভাগত হিয়াৰ‌ আমঠু, আদৰৰ শিল্পী জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰে। সভাৰ সভাপতি বিতুমণি গোস্বামী আৰু সম্পাদক কবিতা হাজৰিকাৰ লগতে শাখা সাহিত্য সভাৰ সৰহ সংখ্যক সদস্যই এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে।

জুবিন গাৰ্গ