জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায়িক প্ৰক্ৰিয়া: বিশেষ আদালত আৰু শক্তিশালী অধিবক্তাৰ দল গঠনৰ দাবী পৰিয়ালৰ

পত্ৰখনত গৰিমা শইকীয়া গাৰ্গে উল্লেখ কৰিছে যে- গোচৰটোৰ প্ৰতিজন অভিযুক্তই নিজৰ সুৰক্ষাৰ বাবে দেশৰ আগশাৰীৰ আৰু অত্যন্ত অভিজ্ঞ অধিবক্তাক সুকীয়াকৈ নিয়োগ কৰিছে।

author-image
Asomiya Pratidin
New Update
new ap web 1 (41)

ডিজিটেল সংবাদ,গুৱাহাটীঃ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া ক্ষিপ্ৰতৰ কৰাৰ দাবীত এতিয়া সৰৱ হৈ পৰিছে তেওঁৰ পৰিয়াল। শিল্পীগৰাকীৰ পত্নী গৰিমা শইকীয়া গাৰ্গ আৰু পৰিয়ালৰ সদস্যসকলে শেহতীয়াকৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ এখন পত্ৰ প্ৰেৰণ কৰি গোচৰটোৰ বাবে এক বিশেষ আদালত গঠন কৰাৰ লগতে চৰকাৰী পক্ষত এদল শক্তিশালী অধিবক্তা নিয়োগৰ আবেদন জনাইছে।

মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰা পত্ৰখনত গৰিমা শইকীয়া গাৰ্গে উল্লেখ কৰিছে যে- গোচৰটোৰ প্ৰতিজন অভিযুক্তই নিজৰ সুৰক্ষাৰ বাবে দেশৰ আগশাৰীৰ আৰু অত্যন্ত অভিজ্ঞ অধিবক্তাক সুকীয়াকৈ নিয়োগ কৰিছে।

অভিযুক্তৰ বিৰুদ্ধে যুঁজ দি জুবিন গাৰ্গৰ বাবে ন্যায় নিশ্চিত কৰিবলৈ চৰকাৰী পক্ষতো সমানেই শক্তিশালী আৰু খ্যাতিসম্পন্ন অধিবক্তাৰ দল থকাটো প্ৰয়োজন। ন্যায়িক প্ৰক্ৰিয়া যাতে দীৰ্ঘসূত্ৰী নহয়, তাৰ বাবে বিশেষ আদালতৰ জৰিয়তে বিচাৰ সম্পন্ন কৰিবলৈ তেওঁলোকে আহ্বান জনাইছে।

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত এই সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে যে অহা ৯ জানুৱাৰীত অনুষ্ঠিত হ’বলগীয়া ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠকত এই বিষয়টো আলোচনা কৰা হ’ব। এই বৈঠকৰ পাছতে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰটো বিশেষ আদালতলৈ প্ৰেৰণ কৰা হ’ব নে নাই, সেই সন্দৰ্ভত চৰকাৰে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব।

গৰিমা শইকীয়া গাৰ্গ