/asomiyapratidin/media/media_files/2025/09/28/448-2025-09-28-23-48-06.jpg)
ডিজিটেল সংবাদ, বেবেজীয়া : ৪০টা ভাষাত প্ৰায় ৩৮ হাজাৰ গান গোৱা, ৪৪খন চিনেমাত সংগীত পৰিচালনা কৰা অসমীয়াৰ হাৰ্টথ্ৰব জুবিন গাৰ্গে গোৱা 'নমো দেব্যৈ' শীৰ্ষক এটা সংস্কৃত গীত দেওবাৰে ইউটিউবত মুক্তি দিয়া হয়। দুৰ্গা চণ্ডীৰ আধাৰত প্ৰস্তুত কৰা এই গীতটো ধ্যানিক ক্ৰিয়েচনৰ বেনাৰত সামাজিক মাধ্যমত মুক্তি দিয়াৰ পাছতে সংগীতপ্ৰেমী সকলে গীতটোক আদৰি লৈছে।
২০১১ চনত সাংবাদিক, সাংস্কৃতিক কৰ্মী হীৰেন শৰ্মা নিবেদিত 'জয়তু দশভুজা' নামৰ অডিঅ' চিডি এলবামটোৰ বাবে এই গীতটো গাইছিল জুবিন গাৰ্গে। বিভূৰঞ্জন চৌধুৰীয়ে সংগীত পৰিচালনা কৰা এলবামটোত অংগৰাগ পাপন মহন্ত, তৰালি শৰ্মা, দেৱজিৎ সাহা, মধুস্মিতা ভট্টাচাৰ্যয়ো কণ্ঠদান কৰিছে।
অৱশ্যে এই মূহুৰ্তত এলবামটোৰপৰা জুবিন গাৰ্গে কণ্ঠদান কৰা গীতটোহে ইউটিউবত মুক্তি দিয়া হৈছে। এলবামটোৰ সৈতে জড়িত হৈ থকা সাংস্কৃতিক কৰ্মী ৰমেন গোস্বামীয়ে প্ৰকাশ কৰা মতে, এই বিশেষ গীতটো বাণীবদ্ধ কৰাৰ সময়তো জনতাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গে অসাধাৰণ প্ৰতিভাৰ পৰিচয় দিছিল। ৫ মিনিটৰ গীতটো মাত্ৰ তেৰ মিনিটতে বাণীবদ্ধ কৰিছিল তেওঁ।
গীতটোত কণ্ঠদান কৰি যথেষ্ট উৎফুল্লিত হৈ পৰিছিল শিল্পীগৰাকী। উল্লেখযোগ্য যে, সাধাৰণতে দুৰ্গা চণ্ডী শ্লোক হিচাপে গোৱা হয় যদিও আধুনিক গীত হিচাপে গোৱা নহয়। দুৰ্গা পূজাৰ সময়ত দেখা দিয়া এনে অভাৱ দূৰ কৰাৰ বাবে উদীয়মান যুৱক হীৰেন শৰ্মাই এই এলবামটো প্ৰস্তুত কৰে।
সংস্কৃত গীতৰ এলবামটোত আমাৰ সমাজত প্ৰচলিত থলুৱা তিনিটা দুৰ্গা নামো গীতৰ আকাৰত অন্তৰ্ভুক্ত কৰা হৈছে। এলবামটোৰ বাকীকেইটা গীতটো সামাজিক মাধ্যমত মুক্তি দিয়া হ'ব বুলি শৰ্মাই জনাইছে। শ্ৰোতাসকলে গীতটো ইউটিউবৰ লগতে ফেচবুকৰ জৰিয়তেও শুনিব পাৰিব।