সভাপতি দিলীপ শইকীয়াৰ ঘোষণা : ৰাজ্যজুৰি পালন কৰা হ’ব জুবিন গাৰ্গৰ জন্মদিন

এই সম্পৰ্কত মঙলবাৰে বিয়লি এক সংবাদমেল সম্বোধন কৰে ৰাজ্যিক বিজেপিৰ সভাপতি তথা সাংসদ দিলীপ শইকীয়াই। সংবাদমেলযোগে তেওঁ জুবিন গাৰ্গৰ জন্মদিন উপলক্ষে লোৱা পদক্ষেপৰ কথা ৰাজহুৱা কৰে। 

author-image
Asomiya Pratidin
New Update
188

ডিজিটেল ডেস্ক : অসম ৰাজ্যিক বিজেপিয়ে গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ। জুবিন গাৰ্গৰ জন্মদিন উপলক্ষে গ্ৰহণ কৰিছে এই পদক্ষেপ। 

এই সম্পৰ্কত মঙলবাৰে বিয়লি এক সংবাদমেল সম্বোধন কৰে ৰাজ্যিক বিজেপিৰ সভাপতি তথা সাংসদ দিলীপ শইকীয়াই। সংবাদমেলযোগে তেওঁ জুবিন গাৰ্গৰ জন্মদিন উপলক্ষে লোৱা পদক্ষেপৰ কথা ৰাজহুৱা কৰে। 

তেওঁ কয় যে, জুবিন গাৰ্গৰ ৫৩ সংখ্যক জন্মদিন ৰাজ্যজুৰি পালন কৰা হ’ব। একেদৰে ৰাজ্যৰ ৫৩ টা স্থানত হ’ব ৰক্তদান শিবিৰ। ৫, ৩০০ ইউনিট ৰক্ত সংৰক্ষণৰ ব্যৱস্থা কৰাৰ লগতে ৰক্ত নিৰ্ণয় শিবিৰৰো আয়োজন কৰিব ৰাজ্যিক বিজেপিয়ে। 

এইখিনিতে এটা কথা উল্লেখ কৰা প্ৰয়োজন যে, ১৮ নৱেম্বৰ হৈছে জুবিন গাৰ্গৰ ওপজা দিন। ১৯৭২ চনৰ ১৮ নৱেম্বৰৰ দিনটোতে মেঘালয়ৰ তুৰাত কপিল ঠাকুৰৰ ঔৰসত আৰু মাতৃ প্ৰয়াত ইলি বৰঠাকুৰৰ গৰ্ভত জন্ম হৈছিল জুবিন গাৰ্গৰ।

জুবিন গাৰ্গ