/asomiyapratidin/media/media_files/2025/10/14/519-2025-10-14-20-09-20.jpg)
ডিজিটেল সংবাদ, গুৱাহাটী : জুবিন গাৰ্গে ন্যায় পাব, অসমৰ ৰাইজে ন্যায় পাব, পৰিয়ালৰ লোকে ন্যায় পাব ৷ দোষীয়ে কঠোৰৰ পৰা কঠোৰতম শাস্তি পাব ৷ তাৰ লগত কোনো ধৰণৰ আপোচ কৰা নহ’ব ৷- অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত সন্দৰ্ভত এই মন্তব্য মন্ত্ৰী পীযুষ হাজৰিকাৰ ৷
/filters:format(webp)/asomiyapratidin/media/media_files/2025/10/14/whatsap-2025-10-14-20-24-04.jpeg)
মঙলবাৰে মৰিগাঁও জিলা দিৱসৰ সৈতে সংগতি ৰাখি প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ব্ৰঞ্জৰ প্ৰতিমূৰ্তি স্থাপনৰ বাবে আয়োজিত ভূমিপূজন অনুষ্ঠানত ভাগ লৈ সাংবাদিকৰ আগত মন্ত্ৰীগৰাকীয়ে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত প্ৰক্ৰিয়া লেহমীয়া হ’ব নোৱাৰে বুলি দৃঢ়তাৰে উল্লেখ কৰে ৷ এই সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ সৈতে তেওঁ দিনটোত প্ৰায় ৪-৫ বাৰ কথা পাতে আৰু মুখ্যমন্ত্ৰীয়ে তেওঁক সকলো জনায় বুলি কয় ৷
/filters:format(webp)/asomiyapratidin/media/media_files/2025/10/14/whatsapp-2025-10-14-20-24-20.jpeg)
তেওঁ কয় যে তদন্ত প্ৰক্ৰিয়া পূৰ্ণ গতিত চলি আছে ৷ এনেকুৱা ডাঙৰ ঘটনাৰ ক্ষেত্ৰত তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণ হ'বলৈ সময় লাগে ৷ তদন্ত প্ৰক্ৰিয়া ১৫-২০ দিনৰ ভিতৰত সম্পূৰ্ণ হোৱাটো সম্ভৱ নহয় ৷
/filters:format(webp)/asomiyapratidin/media/media_files/2025/10/14/whatsapp-image-2025-1-2025-10-14-20-24-34.jpeg)
জুবিন গাৰ্গে ন্যায় পাব, অসমৰ ৰাইজে ন্যায় পাব, পৰিয়ালৰ লোকে ন্যায় পাব৷ দোষীয়ে কঠোৰৰ পৰা কঠোৰতম শাস্তি পাব৷ তাৰ লগত কোনো ধৰণৰ আপোচ কৰা নহ’ব ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us