যদি নিদোৰ্ষী, কিয় আজিলৈকে সিদ্ধাৰ্থে এবাৰো খবৰ লোৱা নাইঃ প্ৰশ্ন কৰিলে জুবিনৰ পৰিয়ালে

যোৱা ২৭ ছেপ্টেম্বৰত জুবিন গাৰ্গৰ পৰিয়ালৰে শ্যামকানু, সিদ্ধাৰ্থৰ লগতে ছিংগাপুৰত জুবিনৰ সংগী হোৱা আটাইৰে বিৰুদ্ধে এজাহাৰ দাখিল কৰে চি আই ডিৰ ওচৰত।  ভগ্নী, খুৰাক আৰু গৰিমা শইকীয়া গাৰ্গে অনলাইনযোগে

author-image
Asomiya Pratidin
New Update
iujjjdd

ডিজিটেল ডেস্কঃ যোৱা ২৭ ছেপ্টেম্বৰত জুবিন গাৰ্গৰ পৰিয়ালৰে শ্যামকানু, সিদ্ধাৰ্থৰ লগতে ছিংগাপুৰত জুবিনৰ সংগী হোৱা আটাইৰে বিৰুদ্ধে এজাহাৰ দাখিল কৰে চি আই ডিৰ ওচৰত।  ভগ্নী, খুৰাক আৰু গৰিমা শইকীয়া গাৰ্গে অনলাইনযোগে দাখিল কৰা এই এজাহাৰৰ পাছতে দেওবাৰে পুৱাই কাহিলীপাৰাস্থিত ঘৰত উপস্থিত হয় চি আউ ডিৰ এটা দল।

এই দলটোৱে আলোচনাত মিলিত হয় জুবিন গাৰ্গৰ পৰিয়ালৰ সৈতে। এই আলোচনা কালত জুবিনৰ পত্নী তথা পৰিয়ালে চি আই ডিক জনায় যে, ঘটনা সংঘটিত হোৱাৰ পিছৰে পৰা সিদ্ধাৰ্থে কোনো যোগাযোগ কৰা নাই জুবিনৰ পৰিয়ালৰ সৈতে। তেওঁ যদি কোনো দোষ কৰা নাই, কিয় এনেদৰে আচৰণ কৰি আছে বুলি প্ৰশ্ন কৰে পৰিয়ালে।

পত্নী গৰিমা গাৰ্গে সিদ্ধাৰ্থৰ হাতত থকা জুবিনৰ ফোনটো অচিৰেই ঘূৰাই দিবলৈ আহ্বান জনায়। ইফালে জুবিন মৃত্যু হোৱা আজি দশমটো দিন। কাহিলীপাৰাস্থিত জুবিনৰ বাসগৃহত অনুষ্ঠিত হৈছে দহা। মাংগলিক ৰীতি-নীতিৰ মাজতে আজি চি আই ডি দলটোৱে সাক্ষাত কৰে জুবিনৰ পৰিয়ালক। 

জুবিন গাৰ্গ