ভোটাৰ তালিকাৰ পৰা কৰ্তন প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ নাম!

জুবিন গাৰ্গৰ নামৰ দেশৰ ভোটাৰ তালিকাত থাকি যাব নেকি?  প্ৰাণৰ শিল্পীগৰাকীৰ নাম প্ৰতিগৰাকী অসমীয়াৰ হৃদয়ত ৰৈ যোৱাৰ দৰে ভোটাৰ তালিকাতো চিৰদিন ৰখাই থব পৰা এনে নিয়ম আছেনে? বিগত কেইটামান দিন

author-image
Asomiya Pratidin
New Update
ijjjdd

ডিজিটেল ডেস্কঃ জুবিন গাৰ্গৰ নামৰ দেশৰ ভোটাৰ তালিকাত থাকি যাব নেকি?  প্ৰাণৰ শিল্পীগৰাকীৰ নাম প্ৰতিগৰাকী অসমীয়াৰ হৃদয়ত ৰৈ যোৱাৰ দৰে ভোটাৰ তালিকাতো চিৰদিন ৰখাই থব পৰা এনে নিয়ম আছেনে? বিগত কেইটামান দিন ধৰি এই বিষয়টোৱে বেচ চৰ্চা লাভ কৰিছে।

এগৰাকী বি এল অ'য়ে ভোটাৰ তালিকাৰ পৰা জুবিন গাৰ্গৰ নাম কাটি দিয়াৰ সলনি জুবিন গাৰ্গৰ অমৰ হৈ থাকক বুলি লিখি দিয়া ভোটাৰ তালিকাখন সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পাছতে বহুতৰ মনত এই প্ৰশ্নই দোলা দিছে। এগৰাকী শিল্পীৰ প্ৰতি থকা এনে শ্ৰদ্ধা আৰু মৰমে সকলোৰে হৃদয় চুই হৈছে।

কিন্তু নিয়ম অনুসৰি এগৰাকী মৃত লোকৰ নাম এনেদৰে ভোটাৰ তালিকাত ৰাখি থ'ব নোৱাৰি। বি এল অ গৰাকীয়ে জুবিন গাৰ্গৰ নাম কাটি নিদিলেও ইতিমধ্যে ভোটাৰ তালিকাৰ পৰা নাম আঁতৰ হৈছে জুবিন গাৰ্গৰ। অইন মৃত ব্যক্তিৰ সৈতে নিৰ্বাচন আয়োগে যি নিয়ম অৱলম্বন কৰে, জুবিন গাৰ্গৰ ক্ষেত্ৰতো সেই একেই নিয়মেই পালন কৰিছে নিৰ্বাচনী আয়োগে।

১ডিচেম্বৰ, ২০২৫তে জুবিন গাৰ্গৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰা হৈছে বুলি চৰ্চা হৈছে। কিয়নো এগৰাকী বি এল অ'য়ে ঘৰে ঘৰে গৈ তথ্য সংগ্ৰহ কৰি কাৰ্যালয়ত জমা দিয়াৰ পাছতে কৰ্তন কৰা হয় মৃত ব্যক্তিৰ নাম। আমি কোনেও নিবিচাৰিলেও প্ৰাণৰ শিল্পীগৰাকীৰ নাম ইতিমধ্যে কৰ্তন হৈছে ভোটাৰ তালিকাৰ পৰা। 

নিৰ্বাচন আয়োগ গুৱাহাটী ৰাজ্যিক নিৰ্বাচন আয়োগ