পৰিস্থিতিয়ে দিলে জুবিনৰ নামত USTM ৰ হ'ব আন এখন বিশ্ববিদ্যালয়ঃ মহবুবুল হকৰ ঘোষণা

জুবিনৰ প্ৰতিভাক সন্মান জনাই তেওঁৰ জীৱিত অৱস্থাতে সংগীত, চলচ্চিত্ৰ আৰু সাংস্কৃতিক ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে ইউ এছ টি এমে তেওঁলৈ আগবঢ়াইছিল সন্মানীয় ডক্টৰেট।

author-image
Tushar Pratim
New Update
ustm zubeen 22

ডিজিটেল ডেস্কঃ জুবিনৰ প্ৰতিভাক সন্মান জনাই তেওঁৰ জীৱিত অৱস্থাতে সংগীত, চলচ্চিত্ৰ আৰু সাংস্কৃতিক ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে ইউ এছ টি এমে তেওঁলৈ আগবঢ়াইছিল সন্মানীয় ডক্টৰেট। সেই ইউ এছ টি এমেই এতিয়া গ্ৰহণ কৰিছে আন এক সিদ্ধান্ত। 

বিশ্ববিদ্যালয়খনৰ আচাৰ্য মহবুবুল হকে প্ৰকাশ কৰা মতে ইউ এছ টি এমে ভৱিষ্যতে জুবিনৰ নামত গ্ৰহণ কৰিব প্ৰকল্প। বিশ্বিদ্যালয়খনৰ অধীনত আন কেম্পাছ যদি নিৰ্মাণ কৰা হয় বা বিশ্ববিদ্যালয় নিৰ্মাণ কৰা হয় তেন্তে সেয়া হ’ব জুবিন গাৰ্গৰ নামত। 

আজি এক ফেচবুক পোষ্টৰ জৰিয়তে মহবুবুল হকে এই কথা ঘোষণা কৰিছে। তেওঁ বিশ্ববিদ্যালয়খনে স্কলাৰশ্বিপ, ফেল’শ্বিপ জুবিন গাৰ্গৰ নামত আৰম্ভ কৰাৰ কথাও ঘোষণা কৰিছে। 

এক ফেচবুক পোষ্টত মহবুবুল হকে কয়, শীঘ্ৰেই স্কলাৰশ্বিপ আৰু ফেলশ্বিপ আৰম্ভ কৰাৰ উপৰিও যদিহে পৰিস্থিতিয়ে অনুমতি দিয়ে তেন্তে ERDF/USTM-এ প্ৰিয় জুবিন গাৰ্গৰ নামত ভৱিষ্যতৰ কোনো গন্তব্য প্ৰকল্প অথবা সংস্থা তথা নতুন কোনো বিশ্ববিদ্যালয় উৎসৰ্গা কৰা হ’ব। 

উল্লেখ্য যে, এইগৰাকী মহবুবুল হকেই দেওবাৰে প্ৰায় ৫ ঘণ্টাৰো অধিক সময় দীঘলীয়া শাৰীত থিয় গৈ থাকিও জুবিন গাৰ্গক শেষ শ্ৰদ্ধাঞ্জলি জনাব নোৱাৰিলে বুলি আক্ষেপেৰে অন্য এটা ফেচবক পোষ্টত প্ৰকাশ কৰি শিল্পীগৰাকীক ক্ষমা বিচাৰিছিল। 

জুবিন গাৰ্গ