'ক্ষমা কৰিবা, ৫ ঘণ্টা শাৰীত থিয় হৈয়ো শেষ শ্ৰদ্ধা জনাব নোৱাৰিলো জুবিন দা'- মহবুবুল হক

৫ ঘণ্টা শাৰী পাতিও জুবিনলৈ অন্তিম শ্ৰদ্ধাঞ্জলি জনাব নোৱাৰিলে মহবুবুল হকে। লাখ লাখ অনুৰাগীৰ দৰেই সৰুসজাইত অন্তিম শ্ৰদ্ধাঞ্জলি জনাবলৈ গৈছিল USTM ৰ আচাৰ্য মহবুবুল হকে।

author-image
Asomiya Pratidin
New Update
'ক্ষমা কৰিবা, ৫ ঘণ্টা শাৰীত থিয় হৈয়ো শেষ শ্ৰদ্ধা জনাব নোৱাৰিলো জুবিন দা'- মহবুবুল হক

ডিজিটেল ডেস্কঃ প্ৰায় ৫ ঘণ্টা শাৰী পাতিও জুবিনলৈ অন্তিম শ্ৰদ্ধাঞ্জলি জনাব নোৱাৰিলে মহবুবুল হকে। লাখ লাখ অনুৰাগীৰ দৰেই সৰুসজাইত জুবিনক অন্তিম শ্ৰদ্ধাঞ্জলি জনাবলৈ গৈছিল ইউ এছ টি এমৰ আচাৰ্য মহবুবুল হকে।

সাধাৰণ অনুৰাগীৰ সৈতেই ৫ ঘণ্টা ধৰি শাৰী পাতিছিল যদিও শেষ শ্ৰদ্ধা জনাবলৈ নোৱাৰিলে হকে। নিজৰ ফেচবুক একাউণ্টৰ জৰিয়তে এই কথা দুখেৰে প্ৰকাশ কৰিছে ইউ এছ টি এমৰ আচাৰ্যগৰাকীয়ে।

নিশা প্ৰায় ২:২২ বজাত এক ফেচবুক পোষ্টত মহবুবুল হকে লিখিছে এইদৰে- ক্ষমা কৰিব! প্ৰায় ৫ ঘণ্টা ধৰি শাৰীত থাকিলোঁ কিন্তু জুবিন দাক শেষ বিদায় জানিবলৈ নোৱাৰিলোঁ। তথাপি আপুনি আমাৰ হৃদয়ত সদায় থাকিব।

উল্লেখ্য যে, ইউ এছ টি এমেই কিছু দিন পূৰ্বে জুবিন গাৰ্গলৈ তেওঁ সংগীত, চিনেমাকে ধৰি সংস্কৃতিৰ ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰিছিল। 

জুবিন গাৰ্গ