/asomiyapratidin/media/media_files/2025/09/22/new-ap-web-8-5-2025-09-22-21-45-50.jpg)
ডিজিটেল সংবাদ তেজপুৰঃ শিল্পী জুবিন গাৰ্গক অসন্মান কৰাৰ অভিযোগেৰে উত্তপ্ত হৈ থকা তেজপুৰ বিশ্ববিদ্যালয়ত শিক্ষাৰ্থীৰ ৰোষত পৰিল বিশ্ববিদ্যালয়খন উপাচাৰ্য শম্ভুনাথ সিং। ইতিমধ্যে ভাইৰেল হৈ পৰিছে উপাচাৰ্যগৰাকী আৰু শিক্ষাৰ্থীৰ মাজৰ দুটা ভিডিঅ’।
য’ত উপাচাৰ্যগৰাকীক বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলে আগুৰি ধৰিছে আৰু বিভিন্ন প্ৰশ্নৰে উত্তপ্ত পৰিস্থিতিৰ সূচনা কৰিছে। আনকি তেওঁৰ ওপৰত শাৰীৰিক আক্ৰমণ হোৱাৰো দৃশ্য দেখিবলৈ পোৱা গৈছে। আন এটা ভিডিঅ’ত তেওঁক সুৰক্ষা কৰ্মীয়ে উত্তপ্ত শিক্ষাৰ্থীৰ মাজৰ পৰা টানি দৌৰাই কাৰ্যালয়ৰ ভিতৰলৈ লৈ গৈছে। তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ এই পৰিস্থিতিৰ মূলতে বিশ্ববিদ্যালয়ত জুবিন গাৰ্গক কৰা অসন্মান বুলি জানিব পৰা গৈছে।
অভিযোগ অনুসৰি শিল্পী, গীতিকাৰ, সুৰকাৰ, অভিনেতা জুবিন গাৰ্গৰ বিয়োগত যিসময়ত অসমৰ লগতে সমগ্ৰ দেশতে শোকৰ সৃষ্টি হৈছে সেই সময়তে তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ উপাচাৰ্যগৰাকীয়ে জুবিন গাৰ্গক অসন্মান কৰিছে। বিশ্ববিদ্যালয়খনত তেওঁলৈ শ্ৰদ্ধাঞ্জলি জনাই কোনো অনুষ্ঠানৰো আয়োজন কৰা নাই।
এই সম্পৰ্কে এক বাতৰি প্ৰকাশ পোৱাৰ পাছতে বিশ্ববিদ্যালয়খনৰ ছাত্ৰসমাজে ভুৱা বাতৰি প্ৰকাশকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ক সামৰি কালি নিশা এক বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি পৰিস্থিতি উত্তাল কৰি তোলে। আচৰিত কথা এয়ে যে নিজৰ বলিষ্ঠ কণ্ঠৰে সমগ্ৰ বিশ্বৰ সংগীত ক্ষেত্ৰখনত সগৌৰৱেৰে উজলি উঠা শিল্পী জুবিন গাৰ্গৰ সন্দৰ্ভত তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্যগৰাকীয়ে কালি নিশা এক ভিডিঅ’ কল যোগে প্ৰতিবাদী ছাত্ৰ-ছাত্ৰীৰ সন্মুখত প্ৰকাশ কৰা অসন্মানজনক মন্তব্যই তেওঁলোকক অধিক ক্ষোভিত কৰি তোলে।
জানিব পৰা মতে শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ দিনাই বিশ্ববিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে গভীৰ শোক প্ৰকাশ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি কেণ্ডেল মাৰ্চ কাৰ্যসূচী ৰূপায়ন কৰে। ইফালে সমগ্ৰ ৰাজ্য শিল্পীগৰাকীৰ অকাল মৃত্যুত শোকত ম্ৰিয়মাণ হৈ পৰাৰ পিছতো তেজপুৰ বিশ্ববিদ্যালয় কৰ্তৃপক্ষই কোনো শ্ৰদ্ধাঞ্জলি অনুষ্ঠান নকৰাত শিক্ষাৰ্থীসকল আচৰিত হৈ পৰে।
এনে ক্ষোভৰ মাজতেই বিশ্ববিদ্যালয়খনৰ ফালৰ পৰা শিল্পী জুবিন গাৰ্গৰ মৃত্যুত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজিত হোৱা বুলি এক ভুৱা বাতৰি প্ৰকাশ পোৱাত ছাত্ৰ-ছাত্ৰীসকল আৰু অধিক ক্ষোভিত হৈ পৰে। আনহাতে ৰাজ্যিক শোক ঘোষণাৰ পিছতো তেজপুৰ বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই শিল্পীগৰাকীৰ প্ৰতি সন্মান জনাই পাঠদান বন্ধ ৰাখিব লাগিছিল যদিও পাঠদান অব্যাহত থকাৰ লগতে পূৰ্বে ঘোষণা কৰা মতে বিশ্ববিদ্যালয়খনৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনো অনুষ্ঠিত কৰে।
এইক্ষেত্ৰত তেজপুৰ বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষৰ এনে কাৰ্যকে ধৰি জুবিন গাৰ্গলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জনোৱাৰ দাবীত কালি নিশা দলেবলে ওলাই অহা শতাধিক ছাত্ৰ ছাত্ৰীয়ে বিশ্ববিদ্যালয়ৰ পৰীক্ষা নিয়ন্ত্ৰক ড° বীৰেন দাসৰ উপস্থিতিত শিল্পীগৰাকীৰ ফটো সন্মুখত লৈ বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। অভিযোগ মতে তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক শম্ভূনাথ সিঙে চিনি নাপায় শিল্পী জুবিন গাৰ্গ কোন।
সেয়ে বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনাবলৈ অনুমতি বিচৰাত তেওঁ কালি নিশা এক ভিডিঅ’ কল যোগে ছাত্ৰ-ছাত্ৰীসকলৰ আগত ‘Don't make things funny’ বুলি মন্তব্য কৰি শিল্পীগৰাকীক পোনে পোনে অপমান কৰাত সকলো ক্ষুদ্ধ হৈ পৰে।
আজিও ক্ষোভিত ছাত্ৰ-ছাত্ৰীসকলে পুনৰ বিয়লিৰ পৰা প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰি পৰিবেশ উত্তপ্ত কৰি তোলে। জানিব পৰা মতে ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতিবাদৰ ওচৰত সেও মানি উপাচাৰ্য অধ্যাপক শম্ভূনাথ সিঙ আজি প্ৰতিবাদস্থলীত উপস্থিত হয় যদিও নিজৰ স্থিতিতে অটল থাকে ফলত প্ৰতিবাদ অধিক তীব্ৰতৰ হৈ উঠে। তাৰ মাজতেই তেওঁ শিক্ষাৰ্থীৰ ৰোষত পৰি শাৰীৰিকভাৱেও আক্ৰমণৰ বলি হয়।
ইফালে কালিলৈকে কোনো শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন নকৰা তেজপুৰ বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদৰ পাছত আজি পুৱা শিল্পীগৰাকীৰ ফটো লগাবলৈ ঠায়ে ঠায়ে প্ৰস্তুতি চলোৱাৰ এক ভিডিঅ’ প্ৰকাশ পাইছে।