/asomiyapratidin/media/media_files/2025/09/22/tezpur-22-2025-09-22-19-32-40.jpg)
ডিজিটেল সংবাদ, তেজপুৰঃ অসমীয়াৰ প্ৰাণৰো প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুত শ্ৰদ্ধাঞ্জলি নপতাক লৈ ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদত দেওবাৰে নিশা উত্তাল হৈ পৰে তেজপুৰ বিশ্ববিদ্যালয় চৌহদ।
শিল্পীগৰাকীৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰাৰ সন্দৰ্ভত উপাচাৰ্য অধ্যাপক শম্ভূনাথ ছিঙে ভিডিঅ’ কলত ছাত্ৰ-ছাত্ৰীক ‘Don't make things funny‘ বুলি মন্তব্য কৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আজিও শিক্ষাৰ্থীসকলে প্ৰতিবাদ অব্যাহত ৰাখে। উল্লেখ্য যে, ১৯ ছেপ্তেম্বৰত জুবিনৰ মৃত্যুৰ পাছত ২৩ ছেপ্তম্বৰলৈকে ৰাজ্যিক শোক ঘোষণা কৰিছিল।
কিন্তু বিশ্ববিদ্যালয়খনৰ কৰ্তৃপক্ষই সেই শোক নামানি ছেপ্তেম্বৰত পাতিলে ছাত্ৰ-একতা সভাৰ নিৰ্বাচন। তাৰোপৰি অব্যাহত ৰাখিলে পাঠদান। তাৰ পাছতো কৰ্তৃপক্ষই নিবিচাৰিলে ক্ষমা।
ইফালে শিল্পী জুবিন গাৰ্গৰ মৃত্যুত বিশ্ববিদ্যালয়ত শ্ৰদ্ধাঞ্জলি জনোৱা বুলি এক ভুৱা বাতৰিও প্ৰচাৰ হৈছে। ইয়াকো লৈ শিক্ষাৰ্থীৰ মাজত ক্ষোভৰ সৃষ্টি হৈছে।