New Update
/asomiyapratidin/media/media_files/2025/09/24/tu-24-2025-09-24-12-50-09.jpg)
- পদ্যতাগ কৰিলে তেজপুৰ বিশ্ববিদ্যালয়ৰ জনসম্পৰ্কৰক্ষী বিষয়াগৰাকীয়ে।
- বিশ্ববিদ্যালয়খনৰ জনসম্পৰ্কৰক্ষী বিষয়াৰ দায়িত্বত আছিল সমৰেশ বৰ্মন।
- জুবিন গাৰ্গৰ মৃত্যুৰ পাছতে বিশ্ববিদ্যালয়খনৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানক লৈ ছাত্ৰ-ছাত্ৰী আৰু বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ মাজত হৈছিল সংঘাত।
- শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰাৰ বাবে অনুমতি দিয়া নাছিল বিশ্ববিদ্যালয় কৰ্তৃপক্ষই।
- ৰাজ্যিক শোকৰ সময়তো অনুষ্ঠিত কৰিছিল বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন, অব্যাহত ৰাখিছিল পাঠদান।
- তাৰ মাজতে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰা বুলি ভুৱা প্ৰচাৰ কৰিছিল জনসম্পৰ্কৰক্ষী বিষয়াগৰাকীয়ে।
- তাৰ পাছতে অধিক উত্তপ্ত হৈ পৰিছিল তেজপুৰ বিশ্ববিদ্যালয়ৰ চৌহদ।
- আনকি শিক্ষাৰ্থীৰ হাতত বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য শম্ভুনাথ সিং প্ৰহৃত হ'বলগীয়া এক পৰিস্থিতিৰো সূচনা হৈছিল।
- জুবিন গাৰ্গৰ মৃত্যুৰ পাছতে তেওঁক বিশ্ববিদ্যালয়খনৰ উপাচাৰ্যই অসন্মান কৰাৰ অভিযোগেৰে উত্তপ্ত হৈ আছে তেজপুৰ বিশ্ববিদ্যালয়।
- এই সমগ্ৰ বিষয় সন্দৰ্ভত জানিবলৈ আমি তেজপুৰ বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰিবলৈ চেষ্টা কৰিছিলো যদিও তেওঁলোকৰ কোনো সহাৰি নাপালো।