/asomiyapratidin/media/media_files/2025/09/21/zubeen-tezpur-21-2025-09-21-19-09-13.jpg)
ডিজিটেল সংবাদ তেজপুৰঃ মহান ত্ৰিমূৰ্তি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা,কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা আৰু নটসূৰ্য ফণী শৰ্মাৰ কৰ্ম আৰু সাধনাৰ থলী ঊষানগৰী ঐতিহাসিক তেজপুৰক শিল্পী জুবিন গাৰ্গে হিয়া উজাৰি ভাল পাইছিল। আনকি সময় সুবিধা পালেই প্ৰায়ে ঢপলিয়াই আহিছিল তেজপুৰলৈ বুলি।
একেধাৰে কন্ঠশিল্পী,সংগীত পৰিচালক,গীতিকাৰ, নায়ক, যুৱ-প্ৰজন্মৰ হাৰ্টথ্ৰৱ সকলোৰে হিয়াৰ আমঠু জুবিন গাৰ্গৰ মহাপ্ৰয়াণত শোকস্তব্ধ হৈ পৰা তেজপুৰৰ সহস্ৰাধিক লোক তথা অনুৰাগীয়ে আজি মৰমৰ শিল্পী গৰাকীলৈ অশ্ৰুসিক্ত নয়নেৰে গভীৰ শ্ৰদ্ধাঞ্জলি জনায়। উল্লেখ্য যে শোণিতপুৰ জিলা প্ৰশাসনৰ উদ্যোগত আৰু তেজপুৰৰ ৰাইজৰ সহযোগত নেহেৰু ময়দানত আজি বিয়লি ৫.৩০ বজাত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ অনুষ্ঠিত হয়।
এইক্ষেত্ৰত তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভা আৰু শোণিতপুৰৰ জিলা আয়ুক্ত আনন্দ কুমাৰ দাসে মৰমৰ শিল্পী গৰাকীৰ বৃহৎ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে । উল্লেখ্য যে আৰম্ভণিতে এক মিনিট সময় সকলোৱে মৌন প্ৰাৰ্থনা জনোৱাৰ পিছত জুবিন গাৰ্গে বিচৰা "মায়াবিনী "শীৰ্ষক গীতটি সমস্বৰে সকলোৱে পৰিবেশন কৰে।
ইয়াৰ পিছতে শোণিতপুৰৰ আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থ,তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰ, শোণিতপুৰ জিলা সাহিত্য সভা, শোণিতপুৰ জিলা সাংবাদিক সন্থা (আজু),তেজপুৰ সাহিত্য সভা, অসমীয়া ক্লাব, তৰুণ অসম সংঘ, সাংস্কৃতিক অনুষ্ঠান চাতক, অসমীয়া ভাষা উন্নতি সাধিনী সভা, লেখিকা সমাৰোহ সমিতি, শোণিতপুৰ শিল্পী সমাজ, অসম নাট্য সন্মিলনৰ তেজপুৰ শাখা, নাট্যানুষ্ঠান নাট্যশ্ৰী, জংগম তেজপুৰ জিলা ক্ৰীড়া সন্থা, অৱদান নাট্যগোষ্ঠী আৰু বৃহত্তৰ তেজপুৰ বঙালী সমাজ, সকলো সাংবাদিক সন্থা আৰু তেজপুৰৰ সকলো সামাজিক সাংস্কৃতিক অনুষ্ঠানৰ প্ৰতিনিধিকে ধৰি কেইবা সহস্ৰাধিক লোকে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।