জুবিন গাৰ্গ অমৰ হওক ধ্বনিৰে কপিছে তেজপুৰৰ আকাশ বতাহ...

কন্ঠশিল্পী, পৰিচালক, গীতিকাৰ, যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰ’ৱ, অভিনেতা, সকলোৰে হিয়াৰ আমঠু, জাতীয় জীৱনৰ সম্পদ জুবিন গাৰ্গৰ অকাল বিয়োগত শোকস্তব্ধ হৈ পৰিছে তেজপুৰো।

author-image
Tushar Pratim
New Update
জুবিন গাৰ্গ অমৰ হওক ধ্বনিৰে কপিছে তেজপুৰৰ আকাশ বতাহ...

ডিজিটেল সংবাদ তেজপুৰঃ কন্ঠশিল্পী, পৰিচালক, গীতিকাৰ, যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰ’ৱ, অভিনেতা, সকলোৰে হিয়াৰ আমঠু, জাতীয় জীৱনৰ সম্পদ জুবিন গাৰ্গৰ অকাল বিয়োগত শোকস্তব্ধ হৈ পৰা তেজপুৰ অঞ্চলৰ দোকান, বজাৰ, ব্যৱসায়ীক প্ৰতিষ্ঠান,শ্বপিং মল আদি সকলো আজি পুৱাৰে পৰা স্বতঃস্ফুত ভাৱে বন্ধ হৈ পৰে। প্ৰায় জনশূন্য হৈ পৰে ৰাজপথ আৰু চাৰিশৰীয়া ঘাইপথ। 

উল্লেখ্য যে হিয়াৰ আমঠু শিল্পী জুবিন গাৰ্গৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি তেজপুৰৰ অলিয়ে গলিয়ে, গাঁৱে-ভূঞে, ৱাৰ্ডে ৱাৰ্ডে বিভিন্ন দল সংগঠন, ৰাইজ আৰু অনুৰাগীসকলে প্ৰিয় শিল্পীগৰাকীৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জনাই শোক ভাগি পৰে। এইক্ষেত্ৰত তেজপুৰ আদালত চাৰিআলিত তেজপুৰ আঞ্চলিক ছাত্ৰসন্থাই, লাচিত বাকৰিত অসম জাতীয়তাবাদী যুৱছাত্ৰ পৰিষদৰ তেজপুৰ আঞ্চলিকে আৰু চক বজাৰত ব্যৱসায়ী সন্থাই শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জনায়। 

উল্লেখ্য যে আছু আৰু যুৱছাত্ৰ পৰিষদৰ শ্ৰদ্ধাঞ্জলিস্থলীত কালিৰে পৰা অঞ্চলটোৰ সহস্ৰাধিক লোকে ধূপ, চাকি জলাই বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰে। আনহাতে আজি তেজপুৰ কটনৰোড, লালমাটি, বেজৰ চুবুৰী, চানমাৰি আৰু চহৰৰ বিভিন্ন প্ৰান্তৰো ৰাইজ আৰু অনুৰাগিয়ে শ্ৰদ্ধাঞ্জলি জনায়। 

ইয়াৰোপৰি ই-ৰিক্সা সন্থাই প্ৰিয় শিল্পীগৰাকীলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জনাই তেজপুৰ চহৰৰ পৰা দৰং মহাবিদ্যালয় হৈ জুবিন গাৰ্গ অমৰ হওক ধ্বনিৰে এক বিশাল শ্ৰদ্ধাঞ্জলি ৰেলী উলিয়ায়। তদুপৰি গৰৈমাৰী উদীয়মান যুৱ সমাজৰ আহ্বানত আজি দলেবলে ওলাই অহা বৃহত্তৰ অঞ্চলটোৰ কেইবা শতাধিক জুবিন অনুৰাগীয়ে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথেদি এক বিশাল আমাৰ মৰমৰ শিল্পী জুবিন গাৰ্গ অমৰ হওক ধ্বনিৰে আকাশ বতাহ কপাই তোলে। 

ইয়াৰ সমান্তৰালকৈ  শিল্পীগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি মিলনপুৰ অঞ্চলটো বিয়লি কেইবাশতাধিক লোক ৰাজপথলৈ ওলাই আহে। একেদৰে তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ সমীপৰ পৰাও ৰাইজে আজি তেজপুৰলৈ এক বৃহৎ শোভাযাত্ৰা উলিয়াই আকাশবতাহ জুবিন গাৰ্গ 
অমৰ হওক ধ্বনিৰে আকাশ বতাহ মুখৰিত কৰি তোলে। 

উল্লেখ্য যে জ্যোতি,বিষ্ণু,ফণী শৰ্মাৰ কৰ্ম আৰু সাধনাৰ থলী তেজপুৰক জুবিন গাৰ্গে মনে প্ৰানে ভাল পাইছিল আৰু সেই সুবিধা পালেই নিজৰ প্ৰিয় চহৰখনলৈ ধপলিয়াই আহিছিল।

জুবিন গাৰ্গ