New Update
/asomiyapratidin/media/media_files/2025/09/22/sonapur-zubeen-22-2025-09-22-22-29-22.jpg)
- মঙলবাৰে সম্পন্ন হ'ব জুবিন গাৰ্গৰ শেষকৃত্যৰ অনুষ্ঠান।
- সোণাপুৰৰ দিচাং ৰিজ'ৰ্টৰ কাষৰ হাতীমূৰাত সম্পন্ন হ'ব এই শেষকৃত্যৰ সম্পন্ন।
- সেয়ে কাইলৈৰ দিনটোৰ বাবে ট্ৰেফিক নিৰ্দেশনা প্ৰকাশ কৰিছে প্ৰশাসনে।
- সেই অনুসৰি উজনিৰ পৰা নামনি অভিমুখে অহা বাহন যাব লাগিব ডিগাৰু হৈ।
- নামনিৰ পৰা অহা বাহন যোৰাবট-বৰ্ণিহাট হৈ ওলাব লাগিব সোণাপুৰত।
- উজনিৰ পৰা শেষকৃত্য অনুষ্ঠানলৈ অহাসকলে মে'ফায়াৰ তিনিআলীত ৰাখিব লাগিব বাহন।
- মে' ফায়াৰ তিনিআলীৰ পৰা খোজকাঢ়ি আহিব লাগিব অনুৰাগীসকল।
- নামনিৰ পৰা অহা অনুৰাগীয়ে বাহনসমূহ ৰাখিব লাগিব দিচাং ৰিজ'ৰ্টৰ কাষত।
- তাৰ পৰা তেওঁলোকে আগবাঢ়িব লাগিব খোজেৰে।
- তেওঁলোকৰ বাহন পুনৰ ঘূৰাই পঠিওৱা হ'ব সেই পথৰেই।
- আজি নিশা ১২ বজাৰ পৰা প্ৰযোজ্য হ'ব এইসমূহ নিৰ্দেশনা।
- শেষকৃত্য সম্পন্ন হোৱালৈকে বাহাল থাকিব এই নিৰ্দেশনা।
- মঙলবাৰে আনুমানিক ১১ বজাত সৰুসজাইৰ পৰা লৈ যোৱা হ'ব জুবিনৰ নশ্বৰ দেহ।
- পুৱা ৭-৩০ বজাত লৈ যোৱা হ'ব জি এম চি এইছলৈ।
- জি এম চি এইছত মৰণোত্তৰ পৰীক্ষাত লাগিব প্ৰায় ডেৰ ঘণ্টা।
- তাৰ পাছত পুনৰ জুবিনৰ নশ্বৰদেহ লৈ যোৱা হ'ব সৰুসজাইলৈ।
- তাৰ পৰা এম্বুলেঞ্চৰজৰিয়তে সমদল কৰি লৈ যোৱা হ'ব শেষকৃত্যৰ অনুষ্ঠানলৈ।