New Update
/asomiyapratidin/media/media_files/2025/10/12/whatsapp-image-2-2025-10-12-16-19-34.jpeg)
ডিজিটেল ডেস্কঃ এতিয়া ক্ৰমাৎ তীৰ্থক্ষেত্ৰলৈ পৰিণত হৈছে জুবিন গাৰ্গৰ সমাধিক্ষেত্ৰ। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা প্ৰতিদিনে প্ৰাণৰ শিল্পীগৰাকীৰ সমাধিক্ষেত্ৰলৈ আগমন হৈছে অনুৰাগীৰ।
দেওবাৰে পুৱাৰে পৰা প্ৰায় ২৫ হাজাৰ লোকে ভিৰ কৰিলেহি জুবিনৰ সমাধিক্ষেত্ৰ। সমাধিক্ষেত্ৰত থিয় দিবলৈ ঠাই নোহোৱা অৱস্থাৰ সৃষ্টি হৈছে। জুবিনৰ সমাধিক্ষেত্ৰত কেৱল এতিয়া মানুহ আৰু মানুহ। ভিন্ন প্ৰান্তৰ পৰা বাছ ভাৰা কৰি আহিছে ৰাইজ। যিয়ে যেনেকৈ পাইছে তাতেই বহি গাইছে নাম। সমাধিক্ষেত্ৰৰ সন্মুখত চাকি জ্বলাই প্ৰিয় শিল্পীগৰাকীলৈ জ্ঞাপন কৰিছে শ্ৰদ্ধাঞ্জলি।
জুবিন গাৰ্গৰ সমাধিক্ষেত্ৰৰ সমীপৰ ৰাষ্ট্ৰীয় ঘাইপথতো ব্যাপক যান-জঁট দেখিবলৈ পোৱা গৈছে। আনহাতে শনিবাৰেও ওৰে ৰাতি শতাধিক অনুৰাগীয়ে উজাগৰে গাই গল প্ৰিয় শিল্পীগৰাকীৰ প্ৰিয়গীত। অশ্ৰুসিক্ত নয়নেৰে সকলোৱে সুঁৱৰিলে হিয়াৰ আমঠু জুবিনক।