/asomiyapratidin/media/media_files/2025/09/22/new-ap-web-6-13-2025-09-22-20-45-58.jpg)
ডিজিটেল ডেস্কঃ সদায় শান্তি বিচাৰিছিল জুবিন গাৰ্গে। বিচৰা নাছিল কাৰো অনুকম্পা। নিজেই যিটো ভাবে তাকেই কৰি ভাল পাইছিল স্বাভিমানী মানুহজনে। আকস্মিকভাৱেই সুদূৰ ছিংগাপুৰত মৃত্যুক সাৱটি লৈছিল জুবিন গাৰ্গে।
তাৰ পাছতো যেন তেওঁ শান্তি নাপালে।তেওঁৰ মৃত্যুক লৈ সৃষ্টি হৈছে ৰহস্যঘন নাটক। মৃতদেহ আহি গুৱাহাটী পোৱাৰ পাছত অগণন অনুৰাগীৰ ভিৰে তেওঁৰ প্ৰতি থকা মানুহৰ মৰম আৰু ভালপোৱা কিমান আছিল তাক দেখুৱাই দিছিল।
তাৰ মাজতেই আহিছে জুবিন প্ৰেমীৰ নামত এচাম উদণ্ডলোকৰ উদ্ভণ্ডালীৰ খবৰ। সমান্তৰালভাৱে তেওঁ কেন্দ্ৰিক আন খবৰবোৰে কফিনৰ মাজত শুই থকা শিল্পীজনকো যেন শান্তিৰে থাকিব দিয়া নাই।
অভিযোগ আৰু সন্দেহৰ ভিত্তিত ৰাইজে যি বিচাৰিছে তাকেই কৰি গৈছে চৰকাৰে। দাবী উঠাৰ দৰেই ছিংগাপুৰত মৰণোত্তৰ পৰীক্ষা কৰাৰ পাছতো অন্ত্যেষ্টিক্ৰিয়াৰ পূৰ্বে গুৱাহাটীতো মৰণোত্তৰ পৰীক্ষা হ’ব বুলি চৰকাৰে ঘোষণা কৰিছে।
সৰুসজাইত শেষ দৰ্শনৰ বাবে মানুহৰ লানি লাগিছে। ইমান মানুহ কাৰোবাক শেষ বিদায় জনাবলৈ ওলাই অহা নাছিল কেতিয়াও অসমত। এই দৃশ্য বিশ্বতে বিৰল বুলি ইতিমধ্যে চৰ্চা হৈছে।
সোণাপুৰৰ হাতীমূৰাত তেওঁৰ শেষকৃত্য আৰু সমাধিস্থান নিৰ্মাণৰ বাবে প্ৰস্তুতি চলাই থকা হৈছে। মঙলবাৰে আনুমানিক ১১ বজাতহে মৰণোত্তৰ পৰীক্ষা জি এম চি এইছত সম্পন্ন কৰি তেওঁৰ নশ্বৰ দেহ লৈ যোৱা হ’ব শেষকৃত্যস্থলীলৈ।
যোৰহাটত তেওঁৰ শেষকৃত্য কৰাৰ নামত চলি আছে প্ৰতিবাদ। প্ৰতিবাদকাৰীয়ে বুজা নাই কোনো কথা। প্ৰতিবাদৰ নামত তাত চলিছে চূড়ান্ত অসভ্যালি। যিবোৰ কেতিয়াও বিচৰা নাছিল জুবিন গাৰ্গে।
সেই কথাই বুজা নাই জুবিন প্ৰেমীৰ ভাও ধৰা এচাম উদণ্ড যুৱকে। তাৰ মাজতে সোণাপুৰৰ পৰা আহিছে আন এক খবৰ। যিহেতু সোমবাৰৰ নিশা ১২ বজালৈকেহে জুবিনৰ নশ্বৰদেহ সৰুসজাইত দৰ্শনৰ বাবে ৰখোৱা হ’ব সেয়েহে এতিয়া ভিৰ বাঢ়িছে সোণাপুৰৰ শেষকৃত্যৰস্থলীত।
ইমান মানুহ সেই শেষকৃত্যৰস্থলীত গোট খাইছে যে, আৰক্ষী প্ৰশাসনৰ নিয়ন্ত্ৰণৰ বাহিৰলৈ গৈছে। আনকি মানুহৰ ভিৰৰ বাবে সেই স্থানত সুচাৰৰূপে শ্ৰমিকসকলে কাম কৰিব নোৱাৰা পৰিস্থিতিৰ সৃষ্টি হৈছে।
জুবিন গাৰ্গে কেতিয়াও বিচৰা নাছিল এনে এক জটিলতা। জুবিনৰ প্ৰতি সকলোৰে আৱেগ ভালপোৱা আছে। কিন্তু সাম্প্ৰতিক পৰিস্থিতিয়ে ভাবিবলৈ বাধ্য কৰাইছে- মৃত্যুৰ পাছতো জুবিনৰ শান্তি নোহোৱা হৈছে।
মৃত্যুৰ পাছতো শান্তি পোৱা নাই জুবিনে...।