/asomiyapratidin/media/media_files/2025/09/22/zubeen-night-22-2025-09-22-02-24-40.jpg)
ডিজিটেল ডেস্কঃ দিনক ৰাতি কৰা, ৰাতিক দিন কৰা মানুহ আছিল তেওঁ। সোঁতৰ বিপৰীতে যোৱা একমাত্ৰ ব্যক্তিজন আছিল তেওঁ। দিনত মানসিক, শাৰীৰিক পৰিশ্ৰম কৰি নিশা শৰীৰক জিৰণি দিয়াই নিয়ম। সুস্থ স্বাস্থ্যৰ বাবে এই নিয়ম অনুসৰণ কৰাটোৱেই প্ৰয়োজন।
সকলো মানুহেই সেই কামেই কৰে। কিন্তু জুবিনে সেই কাম নকৰে। ৰাতি হ’লেই জুবিন হৈ পৰে অনন্য। ষ্টুডিঅ’ৰ ভিতৰতে হওঁক, বাহিৰতে হওঁক নিশা সাৰে থাকে জুবিন। লিখে গান, কৰে সুৰ। কেতিয়াবা লিখে কবিতা, কেতিয়াবা চিনেমাৰ আখৰা। তাৰ মাজতেই নিৰৱচ্ছিন্ন ভাৱে অনুষ্ঠান।
বছৰৰ হিচাপত হয়তো যোৱা প্ৰায় ২৫ টা মান বছৰে নিশা শুৱা নাছিল জুবিন। জুবিনে নিজেও কৈছিল এই কথা। গোটেই নিশা কাম কৰি, অনুষ্ঠান কৰি পাছ দিনা পুৱাহে বিচনালৈ গৈছিল। বেলি পৰাৰ পাছত সন্ধ্যা হেনো বিচনাৰ পৰা উঠি আহিছিল।
নিয়মৰ বিপৰীতে যোৱাৰ বাবেই জুবিনৰ শৰীৰত তাৰ প্ৰভাৱ পৰিছিল। বাৰে বাৰে অসুস্থ হৈছিল তেওঁ। চিকিৎসক, অনুৰাগী, শুভাকাক্ষীয়ে বিচাৰিছিল জুবিনে জিৰণি লওঁক। দেহৰ যতন লওঁক। এই বিষয়ক লৈয়ে টেলিভিছন চেনেলত হৈছিল টকশ্ব’, কাকতত ওলাইছিল প্ৰবন্ধ।
সেই সকলো আলোচনা, সকলো প্ৰবন্ধ, সকলো আৱদাৰৰ অন্তত সকলোৰেই কথা যেন শুনিলে জুবিনে। এতিয়া জুবিনে জিৰণি লৈছে। ১৯ ছেপ্তেম্বৰৰ পৰা আজি ২২ ছেপ্টেম্বৰ হ’ল। জুবিন শুই আছে। উজাগৰে আছে সমগ্ৰ অসম।
১৯ ছেপ্তেম্বৰৰ পৰা এতিয়ালৈকে শুব পৰা নাই কোনো। শুইছে কেৱল জুবিন। কিন্তু দুৰ্ভাগ্য, ১৯ ছেপ্তেম্বৰত জিৰণি লোৱা জুবিন আৰু চকু মেলি উঠি নাহে। সোমাই নাযায় তেওঁৰ ষ্টুডিঅ' অথবা উঠি নাহে মঞ্চলৈ। নিলিখে গান, নকৰে সুৰ। নকয় চিনেমাৰ কথা, সমাজ, সংস্কৃতিৰ কথা।
তেওঁ শুই পৰিল চিৰ কাললৈ। সাৰে আছে তেওঁক শুবলৈ দিয়া মানুহবোৰ। সঁচাই জুবিন একক, অনন্য। মানুহে যি কৰে, তেওঁ তাৰ বিপৰীতটোহে কৰে।