/asomiyapratidin/media/media_files/2025/11/21/ujjjdd-2025-11-21-16-41-45.jpg)
ডিজিটেল ডেস্কঃ জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ চূড়ান্ত প্ৰতিবেদন দাখিল কৰিবলৈ মাজত মাত্ৰ কেইটামান দিন বাকী। ইতিমধ্যে তদন্তৰ প্ৰায় শেষ পৰ্যায়ত উপনীত হৈছে এছ আই টি। শুকুৰবাৰে এছ আই টিয়ে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ আংশিক প্ৰতিবেদন দাখিল কৰে ৰাজ্যৰ গৃহ বিভাগক।
এছ আই টিয় কেন্দ্ৰীয় গৃহবিভাগলৈ এই আংশিক প্ৰতিবেদন প্ৰেৰণ কৰিছে। কেন্দ্ৰলৈ যি প্ৰতিবেদন প্ৰেৰণ কৰা হৈছে সেই একে প্ৰতিবেদনকে ৰাজ্যিক গৃহ বিভাগকো দিয়া হৈছে। প্ৰাপ্ত খবৰ অনুসৰি, এই আংশিক প্ৰতিবেদনত জুবিন গাৰ্গৰ মৃত্যুৰ সৈতে জড়িত কেতবোৰ কাৰক উল্লেখ কৰা লগতে অপৰাধী সকলৰ নামো উল্লেখ আছে।
এই আংশিক প্ৰতিবেদনতে প্ৰায় সকলোবোৰ বিষয় সামৰি লোৱা হৈছে বুলি জানিব পৰা গৈছে। ৰাজ্যৰ গৃহমন্ত্ৰী তথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই আংশিক প্ৰতিবেদন পুংখানুপুংখভাৱে অধ্যয়ন কৰিবৰ বাবেই আংশিক প্ৰতিবেদনখন গৃহ বিভাগক প্ৰদান কৰা হৈছে বুলি জানিব পৰা গৈছে।
ইফালে জুবিন গাৰ্গৰ মৃত্যুৰ চূড়ান্ত প্ৰতিবেদন ৮ডিচেম্বৰৰ পৰা ১০ডিচেম্বৰৰ ভিতৰত ন্যায়ালয়ক প্ৰদান কৰিব বুলি পূৰ্বতেই ঘোষণা কৰি থৈছে মুখ্যমন্ত্ৰীয়ে। এনে পৰিপ্ৰেক্ষিতত দিন যিমানেই চমু চাপিছে, সিমানেই তদন্ত প্ৰক্ৰিয়া ক্ষিপ্ত কৰি তুলিছে তদন্তকাৰী গোটে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us