সামাজিক মাধ্যমত পুনৰ জুবিনৰ ভগ্নী পামী বৰঠাকুৰৰ আৱেগিক পোষ্ট

কেতিয়াবা বন্ধুৰ বেশত, কেতিয়াবা আত্মীয়ৰ বেশত! কাৰোবাৰ ক্ষুদ্ৰ স্বাৰ্থ, কাৰোবাৰ অকণমান ডাঙৰ স্বাৰ্থ আৰু কাৰোবাৰ বৃহৎ স্বাৰ্থ। আনকি ১৯ ছেপ্তেম্বৰৰ দিনাও যেন তোক ঠেলি পঠালে শেষ কৰি দিবলৈ।

author-image
Asomiya Pratidin
New Update
new ap web 1 (36)

ডিজিটেল ডেস্কঃ  জুবিন গাৰ্গৰ বাবে ন্যায় বিচাৰি পুনৰ আৱেগিক হৈ পৰিছে জুবিনৰ ভগ্নী পামী বৰঠাকুৰ। পুনৰ সামাজিক মাধ্যমত কৰিছে এক আৱেগিক পোষ্ট । 

Dr-Palmee Borthakur

উল্লেখ্য় যে, যেনেদৰে জুবিনৰ ন্যায়ৰ বাবে ডিজিটেল ক্ষেত্ৰখনত যুদ্ধ চলি আছে।  প্ৰতিজনে এটাই বিচাৰিছে জিবিনৰ ন্যায় পোৱাটো। পোষ্টতোত লিখিছে বহু কথা। এইয়াটো নাছিল কোনো যোৱাৰ সময়! তই সকলোকে বিশ্বাস কৰিলি আৰু তোক সকলোৱে নিজৰ স্বাৰ্থৰ বাবেই ব্যৱহাৰ কৰিলে....কেতিয়াবা বন্ধুৰ বেশত, কেতিয়াবা আত্মীয়ৰ বেশত! কাৰোবাৰ ক্ষুদ্ৰ স্বাৰ্থ, কাৰোবাৰ অকণমান ডাঙৰ স্বাৰ্থ আৰু কাৰোবাৰ বৃহৎ স্বাৰ্থ। 
আনকি ১৯ ছেপ্তেম্বৰৰ দিনাও যেন তোক ঠেলি পঠালে শেষ কৰি দিবলৈ.... কোনোবাই বন্ধুৰ বেশত, কোনোবাই আত্মীয়ৰ বেশত... কিৰিলি পাৰিলে, মৃত্যুৰ কিৰিলি! কাৰো কলিজা নকপিল নে, তোক এবাৰ বচাবলৈ ! তই যেন অভিমন্যু, চক্ৰবেহুৰ বলি!
এতিয়াও কিন্তু ক্ষান্ত হোৱা নাই সেই স্বাৰ্থৰ খেল... আমি সৰ্বস্বান্ত! আৰু নেখেলিবা! এনেদৰেই আৱেগিক পোষ্ট কৰিলে জুবিনৰ ভগ্নী পামী বৰঠাকুৰে। 

WhatsApp Image 2025-12-07 at 3.42.08 PM

জুবিন গাৰ্গ জুবিন