/asomiyapratidin/media/media_files/2025/10/07/ujjjddd-2025-10-07-11-41-50.jpg)
ডিজিটেল ডেস্কঃ জুবিন গাৰ্গৰ মৃত্যুৰ সৈতে নাম সাঙোৰ খোৱা ছিংগাপুৰৰ ৮গৰাকী প্ৰৱাসী অসমীয়াৰ ভিতৰত মঙলবাৰে চি আই ডিৰ কাৰ্যালয়ত উপস্থিত হ'ব ৰাজকমল কলিতা নামৰ ব্যক্তিগৰাকীৰ। এই ৰাজকমল কলিতাৰ বাদে বাকী ৭গৰাকী প্ৰৱাসী অসমীয়াই এতিয়ালৈকে চি আই ডিৰ চমনৰ কোনো সহাঁৰি প্ৰদান কৰা নাই। এই কথা খোদ মুখ্যমন্ত্ৰীয়ে সোমবাৰৰ সংবাদমেলত ৰাজহুৱা কৰিছিল।
বাকী ৭গৰাকী প্ৰৱাসী অসমীয়াক অসম চৰকাৰে জোৰ কৰি আনিব নোৱাৰে বুলি মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে ঘোষণা কৰিছে। তাৰ বাবে এই লোকসকলৰ পৰিয়ালক ৰাইজে হেচাঁ দিব লাগিব বুলিও উল্লেখ কৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে। কিন্তু আইনী দৃষ্টিৰে এই ৭গৰাকী প্ৰৱাসী অসমীয়াৰ পৰিয়ালক ৰাইজে হেঁচা দিয়া কথাতো যুক্তিসংগত নহয় বুলি ইতিমধ্যে সচেতন মহলে মত ব্যক্ত কৰিছে। কিয়নো এনে কৰিলে পৰিৱেশ-পৰিস্থিতিৰ অধিক অৱনতি ঘটাৰ লগতে পৰিয়ালকেইটালৈও ভাবুকিৰ সৃষ্টি হ’ব।
এনে পৰিস্থিতিত অসম চৰকাৰী কেন্দ্ৰীয় চৰকাৰক এই বিষয়টোত ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাব পাৰে। প্ৰৱাসী অসমীয়া কেইজনক ভাৰত তথা অসমলৈ পঠাবলৈ ছিংগাপুৰ চৰকাৰক আহ্বান জনাবলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ক অনুৰোধ জনাব পাৰে অসম চৰকাৰে। শ্যামকানুক লৈ অসম চৰকাৰে ভাৰত চৰকাৰৰ সহযোগত ছিংগাপুৰৰ সৈতে যিধৰণে আইনী সহযোগিতা বিচাৰিছিল, ঠিক একেই প্ৰক্ৰিয়াৰে এই ৭প্ৰৱাসীকো অসমলৈ আনিব পাৰে অসম চৰকাৰে।
কিন্তু ইয়াতো আছে কিছু অসুবিধা। মুখ্যমন্ত্ৰীয়ে সংবাদমেলত এই প্ৰৱাসী অসমীয়া সকল অসমলৈ তদন্তৰ বাবে অহাক লৈ আৰু এটা মন্তব্য কৰিছিল। মুখ্যমন্ত্ৰীয়ে কৈছিল যে- তেওঁলোকে কেইবাজনেও চাকৰিৰ বাবে অসমলৈ তদন্তৰ বাবে আহিব বিচৰা নাই। ইয়াৰ ফলত তেওঁলোকৰ চাকৰিত প্ৰভাৱ পৰিব পাৰে। আনহাতে ছিংগাপুৰ চৰকাৰেও তেওঁলোকক এই দিশত বাধা প্ৰদান কৰিছে বুলি মুখ্যমন্ত্ৰীয়ে সংবাদমেলত জনাইছিল। যদিহে এনে হয়, তেন্তে এই ৭গৰাকী প্ৰৱাসী অসমীয়া জীৱন-জীৱিকাৰ স্বাৰ্থত অসমলৈ নাহিলেও আচৰিত হবলগীয়া একো নাই।
ইফালে প্ৰাপ্ত খবৰ অনুসৰি, এই ৮গৰাকীৰ ভিতৰত কেইবাজনেও ছিংগাপুৰৰ নাগৰিকত্বও গ্ৰহণ কৰিছে। উক্ত দিনটোত জুবিন গাৰ্গৰ সৈতে উক্ত য়ট পাৰ্টিটোত উপস্থিত আছিল তন্ময় ফুকন, অভিমুন্য তালুকদাৰ, দেৱজিত হাজৰিকা, ৰূপকমল কলিতা, সিদ্ধাৰ্থ বৰা, পৰিক্ষীত শৰ্মা, সুদ্বীপ চেতাৰ্জী আৰু ৱাজিদ আহমেদ। এই সমগ্ৰ য়ট পাৰ্টিটোৰ আয়োজক তন্ময় ফুকন আছিল বুলি ইতিমধ্যে সদৰি কৰিছে ছিংগাপুৰ অসম এছচিয়েশ্যনৰ সভাপতি অভিমুন্য তালুকদাৰে।