মৰণোত্তৰ পৰীক্ষা সম্পন্ন প্ৰিয় শিল্পীৰঃ শেখৰজ্যোতি, সন্দীপন আৰু সিদ্ধাৰ্থৰ হাতত অৰ্পণ নশ্বৰ দেহ...

ছিংগাপুৰত জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন হৈছে। ভাৰতীয় দূতাবাসৰ  বিষয়াৰ শেখৰজ্যোতি, সন্দীপন আৰু জুবিনৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ হাতত নশ্বৰ দেহ অৰ্পণ কৰা হৈছে।

author-image
Tushar Pratim
New Update
মৰণোত্তৰ পৰীক্ষা সম্পন্ন প্ৰিয় শিল্পীৰঃ শেখৰজ্যোতি, সন্দীপন আৰু সিদ্ধাৰ্থৰ হাতত অৰ্পণ নশ্বৰ দেহ...

ডিজিটেল ডেস্কঃ  সৰুসজাইত উপস্থিত হৈছেগৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰীগৰাকীয়ে পূৰ্বে ঘোষণা কৰা অনুসৰিয়েই ছিংগাপুৰৰ পৰা জুবিন গাৰ্গৰ নশ্বৰ দেহ আহি পোৱাৰ পাছতে তেওঁক সৰুসজাইলৈ লৈ যোৱা হ'ব। ইয়াতেই ৰাইজে প্ৰিয় শিল্পীগৰাকীলৈ শেষ শ্ৰদ্ধাঞ্জলি জনোৱাৰ ব্যৱস্থা কৰা হ'ব।

সৰুসজাইত এই সম্পৰ্কে প্ৰস্তুতি অব্যাহত ৰাখিছে অসম চৰকাৰ তথা প্ৰশাসনে। এই সময়ত যাতে কোনো ধৰণৰ বিশৃংখলতাৰ সৃষ্টি নহয় তাৰ প্ৰতি সচেতন প্ৰশাসন। সৰুসজাইত চলি থকা গোটেই প্ৰস্তুতি নিজেই তদাৰক কৰিবলৈ উপস্থিত হৈছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।

তেওঁৰ সৈতে আছে জুবিনৰ বন্ধু তথা কেন্দ্ৰীয় বিদেশ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু আৰু সাংস্কৃতিক মন্ত্ৰী বিমল বৰাও। ছিংগাপুৰৰ ভাৰতীয় উচ্চায়ুক্তৰ সৈতে অহৰহ যোগাযোগত আছে ড০ হিমন্ত বিশ্ব শৰ্মা আৰু পবিত্ৰ মাৰ্ঘেৰিটা।

সৰুসজাইত উপস্থিত হোৱাৰ পাছতে মুখ্যমন্ত্ৰীগৰাকীয়ে এক্স হেণ্ডেলৰ জৰিয়তে জনাইছে ছিংগাপুৰত জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন হৈছে। তাৰোপৰি ভাৰতীয় দূতাবাসৰ  বিষয়াসকলৰ উপস্থিতিত সংগী দল শেখৰজ্যোতি গোস্বামী, সন্দীপন গাৰ্গ আৰু জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ হাতত নশ্বৰ দেহ অৰ্পণ কৰা হৈছে।

জুবিন গাৰ্গ