বঙ্গোপসাগৰৰ ওপৰেদি উৰি আছে জুবিনক কঢ়িয়াই অনা বিমানঃ অপেক্ষা আৰু কিছু সময়লৈ...

বঙ্গোপসাগৰৰ ওপৰেদি উৰি আছে জুবিনক কঢ়িয়াই অনা এয়াৰ ইণ্ডিয়াৰ বিমানখন। আৰু মাত্ৰ কিছু সময়। তাৰ পাছতেই দিল্লী পাবহি অসমী আইনৰ প্ৰিয় সন্তান জুবিন গাৰ্গ।

author-image
Tushar Pratim
New Update
বঙ্গোপসাগৰৰ ওপৰেদি উৰি আছে জুবিনক কঢ়িয়াই অনা বিমানঃ অপেক্ষা আৰু কিছু সময়লৈ...

ডিজিটেল ডেস্কঃ বঙ্গোপসাগৰৰ ওপৰেদি উৰি আছে জুবিনক কঢ়িয়াই অনা এয়াৰ ইণ্ডিয়াৰ বিমানখন। আৰু মাত্ৰ কিছু সময়। তাৰ পাছতেই দিল্লী পাবহি অসমী আইনৰ প্ৰিয় সন্তান।

ছিংগাপুৰৰ পৰা এয়াৰ ইণ্ডিয়াৰ AIC2116 নম্বৰৰ বিমানখনৰ জৰিয়তে নিথৰ জুবিনক লৈ অনা হৈছে স্বদেশলৈ। ফ্লাইটৰাডাৰ-২৪ ৰ লাইভ লোকেচনৰ তথ্য অনুসৰি বঙ্গোপসাগৰৰ আকাশেদি উৰি আছে বিমানখন।

ফ্লাইটৰাডাৰৰ তথ্য অনুসৰিয়েই ছিংগাপুৰৰ স্থানীয় সময় ৮-৩০ মিনিটত নতুন দিল্লী অভিমুখে উৰা মাৰিছিল বিমানখনে। উক্ত বিমানখন নিশা ১১-৫৫ বজাত নতুন দিল্লীৰ বিমান বন্দৰত অৱতৰণ কৰাৰ কথা। 

তাৰ পাছত হয়তো এটা ঘণ্টাৰ অপেক্ষা! তাৰ পাছতে দিল্লীৰ পৰা গুৱাহাটী অভিমুখে উৰা মাৰিব আন এখন বিমান। এই বিমানখনতে জুবিনক লৈ অনা হ’ব জুবিনৰ প্ৰিয় ঠাই মাতৃভূমি অসমলৈ।

তাৰ পৰা চিধাই লৈ যোৱা হ’ব কাহিলীপাৰাৰ বাসগৃহলৈ। পৰিয়ালৰ লোকে শেষশ্ৰদ্ধাঞ্জলি আৰু নিয়ম-নীতি সম্পন্ন কৰাৰ পাছতে জুবিনক লৈ যোৱা হ’ব সৰুসজাইলৈ। আৰু তাৰ পাছতেই জুবিন আকৌ সোমাই পৰিব ৰাইজৰ মাজত। প্ৰিয় জুবনিক শেষবাৰৰ বাবে সকলোৱে চাব পাৰিব কাষৰ পৰা। 

জুবিন গাৰ্গ