New Update
/asomiyapratidin/media/media_files/2025/09/20/zubeen-20-2025-09-20-19-40-18.jpg)
- ছিংগাপুৰৰ পৰা উৰা মাৰিছে জুবিন গাৰ্গৰ পাৰ্থিৱ দেহ কঢ়িয়াই অনা এয়াৰ ইণ্ডিয়াৰ বিমান।
- নিশা ১১ বাজি ৫০ মিনিটত দিল্লী পাবহি এই বিমানখন।
- তাৰ পৰা জুবিন গাৰ্গৰ নশ্বৰ দেহ অনা হ’ব গুৱাহাটীলৈ।
- গুৱাহাটীৰ বিমান বন্দৰৰ পৰা পোনে পোনে তেওঁৰ নশ্বৰ দেহ নিয়া হ’ব কাহিলীপাৰৰ বাসগৃহলৈ।
- কাহিলীপাৰাৰ বাসগৃহত কেৱল পৰিয়ালৰ লোকে দৰ্শন কৰিব পাৰিব জুবিন গাৰ্গৰ পাৰ্থিৱ দেহ।
- বেছি সময় জুবিন গাৰ্গৰ নশ্বৰ দেহ ৰখা নহয় কাহিলীপাৰাত।
- প্ৰয়োজনীয় আনুষ্ঠানিকতা সম্পন্ন কৰি জুবিন গাৰ্গক লৈ যোৱা হ’ব সৰুসজাইলৈ।
- তাতেই প্ৰিয়শিল্পী গৰাকীক শেষ শ্ৰদ্ধাঞ্জলি জনাব পাৰিব গুণমুগ্ধই।
- মহানগৰ আৰক্ষীয়ে ইতিমধ্যে জাৰি কৰিছে প্ৰয়োজনীয় নিৰ্দেশনা।
- কটকটীয়া কৰা হৈছে মহানগৰীৰ সুৰক্ষা ব্যৱস্থা।
- সকলো পক্ষকে শান্তি, শৃংখলা বজাই ৰাখিবলৈ আহ্বান মহানগৰ আৰক্ষীৰ।
- জুবিন গাৰ্গৰ পত্নীয়েও জনাইছে অনুৰূপ আহ্বান।
- এতিয়ালৈকে তেওঁৰ অন্ত্যেষ্টিক্ৰিয়াৰ স্থান আৰু সময় নিৰ্ধাৰণ কৰা হোৱা নাই।
- পৰিয়ালৰ লোকৰ সৈতে আলোচনা কৰি ৰাজ্য চৰকাৰে গ্ৰহণ কৰিব সেই সিদ্ধান্ত।