/asomiyapratidin/media/media_files/2025/09/19/zg-19-2025-09-19-16-26-32.jpg)
ডিজিটেল ডেস্কঃ দিল্লীৰ এক সূত্ৰই সদৰি কৰা মতে ছিংগাপুৰ চৰকাৰৰ সৈতে প্ৰত্যক্ষ যোগাযোগত আছে ভাৰত চৰকাৰৰ বৈদেশিক মন্ত্ৰণালয়। সকলো ঠিকেই থাকিলে দেওবাৰেহে প্ৰিয় শিল্পীগৰাকীৰ নশ্বৰদেহ অসম পাবহি।
সূত্ৰই সদৰি কৰা মতে ছিংগাপুৰত সকলো আনুষ্ঠানিকতা সম্পন্ন হ'বলৈ কিছু সময়ৰ প্ৰয়োজন হ'ব। তাৰোপৰি জুবিনৰ সৈতে যি ঘটনা সংঘটিত হ'ল তাৰো তদন্ত হ'ব।
জানিব পৰা মতে ভাৰতীয় বায়ু সেনাৰ বিশেষ বিমানেৰে তেওঁৰ নশ্বৰ দেহ অসমলৈ লৈ অনাৰ ব্যৱস্থা কৰিব। এই সন্দৰ্ভত ভাৰত চৰকাৰৰ বৈদেশিক মন্ত্ৰণালয়ে ছিংগাপুৰ চৰকাৰৰ সৈতে প্ৰত্যক্ষভাৱে যোগাযোগ অব্যাহত ৰাখি সকলো দিশ চোৱাচিতা অব্যাহত ৰাখিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us