/asomiyapratidin/media/media_files/2025/09/19/whatsapp-image-2025-09-19-19-12-32.jpeg)
ডিজিটেল ডেস্কঃ
Would you know my name
If I saw you in Heaven?
Would it be the same
If I saw you in Heaven....
বৃহস্পতিবাৰে সন্ধিয়া ছিংগাপুৰত এই গীতটি পৰিৱেশন কৰিছিল জুবিন গাৰ্গে। এইটোৱেই আছিল জুবিন গাৰ্গে পৰিৱেশন কৰা শেষৰটো গীত। তাৰপাছতে শুকুৰবাৰে আহিল সেই অপ্ৰত্যাশিত খবৰটো। যিটো খবৰ বাবে আপুনি, মই, আমি কেতিয়াও বাটচোৱা নাছিলো।
ইতিমধ্যে সামাজিক মাধ্যমত জুবিনে এই গীতটি পৰিৱেশন কৰি থকা ভিডিঅ'টি ভাইৰেল হৈ পৰিছে। কিন্তু আপুনি জানি আচৰিত হ'ব এই গীতটিৰ সৃষ্টিৰ আঁৰৰ কাহিনী শুনি।
বিশ্ব সংগীতৰ ইতিহাসত কেতিয়াবা এনে কিছুমান গানৰ ৰচনা হয়, যি কেৱল সুৰ বা শব্দ নহয়, সেইয়া হৈ উঠে মানুহৰ অন্তৰৰ গভীৰতম অনুভৱৰ প্ৰতিধ্বনি। তেনেধৰণৰ এটা গান হৈছে “Tears in Heaven”।
এই গীতটি ৰচনা কৰিছিল এৰিক ক্লেপ্টনে। ১৯৯১ চনত নিউইয়ৰ্কত এক দুৰ্ঘটনাত মৃত্যু হৈছিল তেওঁৰ কণমানি পুত্ৰ কনোৰ ক্লেপ্টনৰ। এই অপ্রত্যাশিত ঘটনাই পিতৃৰ জীৱন মুহূৰ্ততে শূন্য কৰি তোলে। কনোৰৰ অকাল মৃত্যুৱে এৰিক ক্লেপ্টনক ভিতৰৰ পৰা ভাঙি পেলায়।
দুৰ্ঘটনাবশতঃ এটা অট্টালিকাৰ পৰা পৰি মৃত্যু হোৱা পুত্ৰৰ শোকত বিহ্বল হৈ পিতৃয়ে ৰচনা কৰিছিল সেই কালজয়ী গীতটি। গীতটিৰ জৰিয়তে মৃত পুত্ৰক দেউতাকে সুধিছিল- যদি স্বৰ্গত পুনৰ দেখা হ’য়, মোক চিনি পাবানে?সেই সম্পর্ক আগৰ দৰে থাকিবনে? এই অনিশ্চয়তাৰ মাজত আশা, বেদনাৰ সৈতে পুত্ৰপ্ৰেমৰ গভীৰ অভিব্যক্তি প্ৰকাশ কৰিছিল।
এই গীতটি প্ৰথমে ১৯৯১ চনৰ "Rush" চলচ্চিত্ৰৰ ছাউণ্ডট্ৰেক হিচাপে প্ৰকাশ পায়। পাছলৈ ১৯৯২ চনত MTV Unplugged এলবামতো এই গান অন্তৰ্ভুক্ত হয়। সেই সময়ত এই গানটো বিশ্বজুৰি অতি জনপ্রিয় হৈ পৰিছিল। ১৯৯৩ চনত গীতটিয়ে লাভ কৰিছিল দুটাকৈ গ্ৰেমী বঁটা। আজিও এই গীতটিক কেৱল সংগীত হিচাপে নহয়, এগৰাকী পিতৃৰ অন্তৰশোকৰ স্মৃতি হিচাপে বিবেচনা কৰা হয়। ই এৰিক ক্লেপ্টনৰ এক অমৰ সৃষ্টি, যি কোটি কোটি হৃদয়ক স্পৰ্শ কৰি আহিছে।
কাকতলীয়ভাৱে জুবিন গাৰ্গেও বৃহস্পতিবাৰে পৰিৱেশন কৰিছিল সেই গীত। পাছদিনাই কেতিয়াও নহাৰ বাটেৰে গুচি গ'ল জুবিন....