জুবিনৰ হত্যাকাৰী শ্যামকানু! ইখনৰ পিছত সিখন এজাহাৰ দাখিলঃ চি আই ডিত ৰুজু ১৮/২০২৫ নম্বৰৰ গোচৰ...

সাংস্কৃতিক বেপাৰী আখ্যাৰে শ্যামকানু মহন্তৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰুজু কৰা হৈছে গোচৰ। বিশ্বনাথৰ জিঞ্জিয়া থানাতো দাখিল হৈছে শ্যামকানুৰ বিৰুদ্ধে আন এখন এজাহাৰ।

author-image
Tushar Pratim
New Update
জুবিনৰ হত্যাকাৰী শ্যামকানু! ইখনৰ পিছত সিখন এজাহাৰ দাখিলঃ চি আই ডিত ৰুজু ১৮/২০২৫ নম্বৰৰ গোচৰ...

ডিজিটেল ডেস্কঃ সাংস্কৃতিক বেপাৰী আখ্যা দি শ্যামকানু মহন্তৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰুজু কৰা হৈছে গোচৰ। বিশ্বনাথ জিলাৰ জিঞ্জিয়া থানাতো দাখিল কৰা হৈছে শ্যামকানুৰ বিৰুদ্ধে আন এখন এজাহাৰ।

এই এজাহাৰ দাখিল কৰিছে বিশ্বনাথ জিলাৰ যুৱ সাংবাদিক আব্দুল ৱাৰেকে। এজাহাৰত শ্যামকানু মহন্তই জুবিন গাৰ্গক পৰিকল্পিতভাৱে হত্যা কৰাৰ অভিযোগ উত্থাপন কৰা হৈছে।

ছিংগাপুৰলৈ মাতি নি জুবিন গাৰ্গক হত্যা কৰা বুলি অভিযোগ তুলি তেওঁৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী তুলিছে আব্দুল ৱাৰিকে। এয়া এক পূৰ্ব পৰিকল্পিত হত্যাকাণ্ড বুলি উল্লেখ কৰিছে এজাহাৰত।

সমগ্ৰ ঘটনাৰ সঠিক তদন্তৰ দাবী তুলিছে এজাহাৰকাৰীয়ে। ইতিমধ্যে চি আই ডিয়ে ৰুজু কৰিছে জুবিনৰ হত্যাকাণ্ডৰ সন্দৰ্ভত ৰুজু কৰিছে এক গোচৰ। 
চি আই ডি থানাত ৰুজু কৰা সেই গোচৰৰ নম্বৰ ১৮/২০২৫। ভাৰতীয় ন্যায় সংহিতাৰ ধাৰা ৬১(২)/১০৫/১০৬(১) ৰ অধীনত এই গোচৰ ৰুজু কৰা হৈছে।

জুবিন গাৰ্গ