জুবিন গাৰ্গলৈ লখিমপুৰ সত্ৰীয়া সংগীত বিদ্যালয় পৰিয়ালৰ শ্ৰদ্ধাঞ্জলি...

অসমীয়া জাতিৰ আইকন, সংগীত আকাশৰ উজ্জ্বল নক্ষত্ৰ যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰ'ব জুবিন গাৰ্গলৈ লখিমপুৰ সত্ৰীয়া সংগীত বিদ্যালয় পৰিয়ালে  শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷

author-image
Asomiya Pratidin
New Update
lakhimpur zubeen 21

ডিজিটেল সংবাদ লখিমপুৰঃ অসমীয়া জাতিৰ আইকন, সংগীত আকাশৰ উজ্জ্বল নক্ষত্ৰ যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰ'ব জুবিন গাৰ্গলৈ লখিমপুৰ সত্ৰীয়া সংগীত বিদ্যালয় পৰিয়ালে  শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷ অসম আৰু অসমীয়াৰ লগতে ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন শিল্পী জুবিন গাৰ্গৰ আকস্মিক বিয়োগত গভীৰ শোক প্ৰকাশ কৰে লখিমপুৰ সত্ৰীয়া সংগীত বিদ্যালয়ে ৷

বিদ্যালয়ৰ পৰিচালনা সমিতিৰ উদ্যোগত আয়োজিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে প্ৰাক্তন শিক্ষা বিষয়া কনকেশ্বৰ ডেকা ৰাজকোঁৱৰ আৰু বিদ্যালয়ৰ অধ্যক্ষ নমিতা ভূঞাই। সাংবাদিক বুবুল হাজৰিকাই আঁত ধৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত শিক্ষাবিদ ক্ৰমে গোলাপ শৰ্মা বৰুৱা ,ঠগিৰাম ভূঞা ,বলোভদ্ৰ ফুকন ,হেমন্ত শইকীয়া আদি সকলে জুবিন গাৰ্গৰ জীৱন আৰু কৃতীক আলোকপাত কৰে ৷

গীতেৰে শ্ৰদ্ধা নিবেদন কৰে মৃন্ময় কাকতি আৰু নিভাৰাণী শইকীয়াই । এটি প্ৰাৰ্থনাৰে শ্ৰদ্ধা নিবেদন কৰে শিক্ষাবিদ বলোৰাম বৰুৱাই। সত্ৰীয়া সংগীত বিদ্যালয়ৰ অভিভাৱক আৰু শিক্ষাৰ্থীসকলে এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশগ্ৰহণ কৰে ৷

জুবিন গাৰ্গ