New Update
/asomiyapratidin/media/media_files/2025/09/23/zubeen-2025-09-23-10-41-56.jpeg)
- সোণাপুৰৰ হাতীমূৰাত উপস্থিত হ’লগৈ জুবিন গাৰ্গৰ নশ্বৰ দেহ কঢ়িয়াই নিয়া বাহন।
- কিছু সময়ৰ পাছতে ইয়াত অনুষ্ঠিত হ’ব শেষকৃত্যৰ অনুষ্ঠান।
- সৰুসজাইৰ পৰা সোণাপুৰলৈকে সমগ্ৰ পথৰ দুয়োকাষে ভিৰ কৰিছে জনতাই।
- ঠায়ে ঠায়ে জুবিনক কঢ়িয়াই নিয়া পুষ্পসজ্জিত বাহনৰ কাষ চাপি আহিছে জনতা।
- জুবিন গাৰ্গৰ নশ্বৰ দেহ কঢ়িয়াই নিয়া বাহনৰ পাছে পাছে গৈছে বহু অনুৰাগীও।
- হাতীমূৰাত আছে হাজাৰ হাজাৰ অনুৰাগী।
- উপস্থিত আছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল।
- উপস্থিত আছে বিৰোধী ৰাজনৈতিক দলৰ নেতাও।
- আছুকে ধৰি অন্যান্য দল, সংগঠনৰ নেতা, সাংস্কৃতিক কৰ্মীও আছে শেষকৃত্যৰস্থলীত।