/asomiyapratidin/media/media_files/2025/09/22/sarusajai-22-2025-09-22-06-13-10.jpg)
ডিজিটেল ডেস্কঃ সৰুসজাই এতিয়াও মানুহৰ মহাসাগৰ সদৃশ এক পৰিবেশ। সোমবাৰে বৰঝাৰ বিমান বন্দৰৰৰ পৰা জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ পুষ্পসজ্জিত বাহনত তুলি অনুৰাগীৰ মহাসাগাৰৰ মাজেৰে লৈ আনাছিল সৰুসজাইলৈ।
বিমান বন্দৰৰ পৰা কাহিলীপাৰা আৰু কাহিলীপাৰাৰ পৰা সৰুসজাইলৈ এই গোটেই পথছোৱাত দেখা গৈছিল মানুহ, মানুহ আৰু কেৱল মানুহ। ৰাজপথত জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ কঢ়িয়াই অনা পুষ্পসজ্জিত বাহনৰ সৈতে লাখ লাখ মানুহে অহাৰ দৰেই শনিবাৰে নিশাৰে পৰা সৰুসজাইত অপেক্ষা কৰি আছিল হাজাৰ হাজাৰ অনুৰাগীয়ে।
দেওবাৰেও পুৱাৰে পৰা প্ৰিয় শিল্পীগৰাকীলৈ সৰুসজাইত অপেক্ষা কৰা অনুৰাগীৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি পাইছিল। সৰুসজাইলৈ আগমণ ঘটা জনসমুদ্ৰ হ্ৰাস হোৱাৰ পৰিবৰ্তে সময় বাগৰাৰ লগে লগে বৃদ্ধিহে হৈছে।
উৰে নিশা ঘণ্টা ঘণ্টা ধৰি শাৰী পাতি অনুৰাগীয়ে জুবিন গাৰ্গক শেষ শ্ৰদ্ধাঞ্জলি জনাইছে। পুৱা ৬ বজাত বাতৰি লিখি থকাৰ সময়তো সৰুসজাইত ভৰি দিবলৈ নোৱাৰা এক পৰিবেশ। ইফালে এতিয়াও উজনি অসমৰ পৰা বহু অনুৰাগী আহিয়েই আছে প্ৰিয় শিল্পীগৰাকীক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ।
উল্লেখ্য যে, দেওবাৰে দিনটোত অনুৰাগীয়ে জুবিন গাৰ্গলৈ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব পাৰিব বুলি পূৰ্বে উল্লেখ কৰিছিল যদিও ৰাজ্য চৰকাৰে সোমবাৰৰ দিনটোও অনুৰাগীৰ বাবে জুবিনক শ্ৰদ্ধাঞ্জলি জনাব পাৰিব বুলি ইতিমধ্যে ঘোষণা কৰিছে।
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জনোৱা অনুসৰি মঙলবাৰে পুৱা ৮ বজাত তেওঁক শেষকৃত্য সম্পন্ন কৰিবলৈ লৈ যোৱা হ’ব। সেয়ে আজিৰ দিনটোতো যে সৰুসজাইত জনসমুদ্ৰৰ আঁকাৰ অধিক বৃদ্ধি পাব সেয়া প্ৰায় নিশ্চিত হৈছে।