জুবিনৰ সৈতে শেষ যাত্ৰাৰ বাবে সাজু পৰিয়াল, আত্মীয়, সতীৰ্থ, অনুৰাগী....

সৰুসজাইৰ পৰা সোণাপুৰলৈ যাবলৈ সাজু হৈছে জুবিন গাৰ্গৰ পৰিয়াল, আত্মীয়, সতীৰ্থ। জি এম চি এইছত মৰণোত্তৰ পৰীক্ষাৰ পাছতে জুবিন গাৰ্গৰ নশ্বৰ দেহ পুনৰ লৈ যোৱা হৈছে সৰুসজাইলৈ।

author-image
Tushar Pratim
New Update
WhatsApp Image 2025-09-23 at 09.34.53

ডিজিটেল ডেস্কঃ সৰুসজাইৰ পৰা সোণাপুৰলৈ যাবলৈ সাজু হৈছে জুবিন গাৰ্গৰ পৰিয়াল, আত্মীয়, সতীৰ্থ। জি এম চি এইছত মৰণোত্তৰ পৰীক্ষাৰ পাছতে জুবিন গাৰ্গৰ নশ্বৰ দেহ পুনৰ লৈ যোৱা হৈছে সৰুসজাইলৈ। সৰুসজাইত অসম চৰকাৰে নিৰ্দিষ্ট কৰি থোৱা বাহনসমূহ জুবিনৰ পৰিয়াল, আত্মীয়, সতীৰ্থসকলক লৈ সাজু হৈ আছে। 

সৰুসজাইৰ পৰাই আৰম্ভ হব জুবিনৰ শেষকৃত্য অনুষ্ঠানলৈ অন্তিম যাত্ৰা। জুবিনৰ সৈতে অন্য বাহন যোৱাত প্ৰশাসনৰ বাধা আছে যদিও বিশাল পৰিমাণৰ অনুৰাগীয়ে খোজেৰেই তেওঁৰ সৈতে ৰাওনা হবলৈ প্ৰস্তুত হৈ আছে।

হাতীমূৰাত হাজাৰ হাজাৰ অনুৰাগীয়ে ভিৰ কৰাৰ সমান্তৰালকৈ সৰুসজাইৰ পৰা হাতীমূৰালৈ গোটেই পথৰ দুয়োকাষে ভিৰ কৰি আছে অনুৰাগীয়ে। সম্পূৰ্ণ খালী হৈ আছে গুৱাহাটী মহানাগৰ। বন্ধ হৈ আছে সকলো দোকান-পোহাৰ, অফিচ-কাছাৰী তথা শিক্ষানুষ্ঠান।

ইফালে সৰুসজাইত জুবিনৰ শেষকৃত্যৰ বাবে সকলো প্ৰস্তুত হৈ আছে। সাজু হৈ আছে দুজনকৈ পুৰোহিত, চাৰিজন চণ্ডাল।

জুবিন গাৰ্গ