পাখি মেলি উৰি গ'ল আমাৰ প্ৰাণৰ শিল্পী...

পাখি মেলি উৰি গ’ল আমাৰ প্ৰাণৰ শিল্পী। আৰক্ষীৰ বিশাল কনভয়ৰ সৈতে গুছি গ’ল আমাৰ সময়ৰ ‘ৰকষ্টাৰ’গৰাকী ঘূৰি নাহৰ বাটেৰে। দি গ’ল অগণিত বহু সোণসেৰীয়া স্মৃতি।

author-image
Tushar Pratim
New Update
zubeen 23

ডিজিটেল ডেস্কঃ পাখি মেলি উৰি গ’ল আমাৰ প্ৰাণৰ শিল্পী। আৰক্ষীৰ বিশাল কনভয়ৰ সৈতে গুছি গ’ল আমাৰ সময়ৰ ‘ৰকষ্টাৰ’গৰাকী ঘূৰি নাহৰ বাটেৰে। দি গ’ল অগণিত বহু সোণসেৰীয়া স্মৃতি।

সৰুসজাইৰ পৰা পূৰ্ব নিৰ্ধাৰণ কৰি থোৱা অনুসৰিয়েই প্ৰশাসনৰ বাহনত উঠি পৰিয়াল, আত্মীয়, সতীৰ্থ সকলো গৈছে সোণাপুৰলৈ। সোণাপুৰৰ হাতীমূৰাত হাজাৰ হাজাৰ অনুৰাগীয়ে ভিৰ কৰাৰ সমান্তৰালকৈ সৰুসজাইৰ পৰা হাতীমূৰালৈ গোটেই পথৰ দুয়োকাষে ভিৰ কৰি আছে অনুৰাগীয়ে। 

সাজু হৈ আছে জুবিন গাৰ্গৰ শেষকৃত্য সম্পন্ন কৰিবলগীয়া পুৰোহিত তুষাৰ ভাগৱতী আৰু পংকজ শৰ্মা। সাজু হৈ আছে চণ্ডাল হিচাপে  ধৃতিমালা, জয়ন্ত বৰুৱা, ললিত নাথ আৰু হিৰণ্য দাস। হাতীমূৰাত জুবিন গাৰ্গৰ নশ্বৰ দেহ উপস্থিত হোৱাৰ পাছতে আৰম্ভ কৰিব হিন্দু ধৰ্মীয় নিয়মেৰে শেষকৃত্যৰ অনুষ্ঠান।

জুবিন গাৰ্গ