/asomiyapratidin/media/media_files/2025/09/25/sandipan-25-2025-09-25-08-52-12.jpg)
ডিজিটেল ডেস্কঃ জুবিন গাৰ্গৰ সৈতে ছিংগাপুৰলৈ গৈছিল তেওঁৰ ভাতৃ সন্দীপন গাৰ্গ। নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলত অংশ ল’বলৈ যোৱা জুবিনে অনুষ্ঠান কৰাৰ কথা আছিল যদিও লগত লৈ যোৱা নাছিল তেওঁৰ সকলো বাদ্যযন্ত্ৰীক।
জুবিনৰ লগত গৈছিল তেওঁৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা আৰু ৰেকৰ্ডিষ্ট শেখৰ গোস্বামী। তাৰোপৰি জুবিনৰ সৈতে পূৰ্বে কেতিয়াও বিদেশলৈ নোযোৱা সন্দীপন গাৰ্গকো প্ৰথমবাৰৰ বাবে ছিংগাপুৰলৈ লগত লৈ গৈছিল জুবিনে। এই কথা ইতিমধ্যে সংবাদ মাধ্যমৰ আগত শেখৰ গোস্বামীকে ধৰি কেইবাজনেও সদৰি কৰিছে।
১৯ ছেপ্তেম্বৰত ছিংগাপুৰৰ সাগৰলৈ য়টৰ জৰিয়তে ছিংগাপুৰৰ অসম এছোচিয়েছনৰ সদস্যসকলৰ সৈতে প্ৰমোদ বিলাস কৰিবলৈ যোৱাৰ সময়ত জুবিনৰ সৈতে আছিল মেনেজাৰ সিদ্ধাৰ্থ, শেখৰ আৰু সন্দীপনো। এতিয়ালৈকে ছিংগাপুৰৰ সাগাৰৰ যিবোৰ ভিডিঅ’ পোহৰলৈ আহিছে তাত সন্দীপনকো সাগৰৰ পানীত দেখিবলৈ পোৱা গৈছে।
সেই দিনাৰ ঘটনাৰ সন্দৰ্ভত ইতিমধ্যে নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ আয়োজক শ্যামকানু মহন্তই সামাজিক মাধ্যমৰ জৰিয়তে, শেখৰ গোস্বামী, অমৃত প্ৰভা মহন্তই সংবাদ মাধ্যমৰ জৰিয়তে তেওঁলোকৰ মন্তব্য ৰাজহুৱা কৰিছে। তাৰোপৰি সেইদিনা ছিংগাপুৰত উপস্থিত থকা সাংবাদিক প্ৰণয় বৰদলৈয়ে তেওঁ কৰ্মৰত প্ৰতিষ্ঠানৰ জৰিয়তে, প্ৰাগ নিউজৰ স্বত্বাধিকাৰী সঞ্জীৱ নাৰায়নে সংবাদ মেলৰ জৰিয়তে তেওঁলোকৰ ক’বলগীয়াখিনি কৈছে।
কিন্তু এই পৰ্যন্ত মুখ খোলা নাই জুবিনৰ ভাতৃ সন্দীপন গাৰ্গে। ২৪ ছেপ্তেম্বৰত জুবিনৰ কাহিলীপাৰাস্থিত বাসগৃহত হঠাৎ সাংবাদিকে প্ৰত্যক্ষ কৰিছিল সন্দীপন। তাৰ লগে লগেই তেওঁৰ প্ৰতিক্ৰিয়া বিচাৰি কাষলৈ চাপি গৈছিল যদিও সাংবাদিকৰ কেমেৰা দেখাৰ লগে লগেই পলায়ন কৰে সন্দীপনে।
সাংবাদিকৰ কোনো প্ৰশ্নৰ উত্তৰ নিদিলে ৰাজপত্ৰিত বিষয়া সন্দীপনে। উল্লেখ্য যে, বকো সমজিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক হিচাপে কৰ্মৰত সন্দীপন গাৰ্গে সাংবাদিকৰ মুখামুখী হবলৈ ভয় কৰি পলায়নৰ দৃশ্য আৱদ্ধ হৈছে কেমেৰাত। ইফালে বিদেশ ভ্ৰমণ কৰিবলৈ এগৰাকী বিষয়াক নিৰ্দিষ্ট অনুমতিৰ প্ৰয়োজন যদিও তেওঁ সেই অনুমতি লৈছিল নে নাই সেয়া এতিয়াও স্পষ্ট নহয়।